নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৱসৰ সন্দর্ভত মুখ খুলিলে এম এছ ডিয়ে

নিয়মীয়া বাৰ্তা, ২৫ মে’: অৱশেষত আই পি এলৰ পৰা অৱসৰ সন্দর্ভত মুখ খুলিলে চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্র সিং ধোনীয়ে৷ মঙলবাৰে গুজৰাট টাইটানছক পৰাস্ত কৰি চলিত আই পি এলৰ ফাইনেলত প্রৱেশ কৰাৰ পিছত ধাৰাভাষ্যকাৰ হর্ষ ভোগলেই অৱসৰ সন্দর্ভত ধোনীক সোধা প্রশ্ণোত্তৰত চি এছ কেৰ অধিনায়কগৰাকীয়ে কয় যে এই সম্পর্কত এতিয়াই একো ক’ব নোৱাৰোঁ৷ সিদ্ধান্ত ল’বলৈ যথেষ্ট সময় আছে৷ আগন্তুক আই পি এলৰ খেলুৱৈ নিলামলৈ এতিয়াও ৮–৯ মাহ বাকী আছে৷ গতিকে আই পি এলৰ পৰা অৱসৰ লোৱাৰ বিষয়টোক লৈ কোনো চিন্তা–চর্চা কৰা নাই বুলি ধোনীয়ে ব্যক্ত কৰে৷ এয়াই শেষবাৰৰ বাবে চেন্নাইৰ জার্ছীত দেখা যাব নেকি বুলি হর্ষ ভোগলেই সোধা প্রশ্ণোত্তৰত ধোনীয়ে হাঁহি হাঁহি উত্তৰ দিলে– প্রশ্ণটো হ’ব লাগে যে মই আকৌ চেন্নাইৰ হৈ খেলাৰ সুযোগ পাম নেকি? আনহাতে, আন এগৰাকী ধাৰাভাষ্যকাৰ ডেনি মৰিছনেও ধোনীক তেওঁৰ অৱসৰৰ সন্দর্ভত কেইবাবাৰো প্রশ্ণ উত্থাপন কৰিছিল যদিও চেন্নাই ছুপাৰ কিংছৰ অধিনায়গকৰাকীয়ে চতুৰতাৰে ডেনি মৰিছনৰ প্রশ্ণৰ উত্তৰ দিছিল৷ উল্লেখ্য যে চলিত আই পি এল আৰম্ভ হোৱাৰে পৰাই ধোনীৰ অৱসৰক লৈ প্রশ্ণৰ অৱতাৰণা হৈ আহিছিল৷ উল্লেখ্য যে মঙলবাৰে হৈ যোৱা আই পি এলৰ প্রথমখন কোৱালিফায়াৰ মেচত চাৰিবাৰৰ চেম্পিয়ন চেন্নায়ে ডিফেণ্ডিং চেম্পিয়ন গুজৰাট টাইটানছক ১৫ ৰানত পৰাস্ত কৰি প্রথমে ফাইনেলত স্থান সুৰক্ষিত কৰে৷ উল্লেখ্য যে চেন্নায়ে এতিয়ালৈকে অভিলেখসংখ্যক ১০বাৰ ফাইনেলত প্রৱেশ কৰিছে৷

You might also like