নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ বিগত ১৫ বছৰত অজ্ঞাত উৎসৰ পৰা বিপুল পৰিমাণৰ ধন সংগ্ৰহ কৰিছে দেশৰ প্ৰধান ৰাজনৈতিক দলসমূহে । ২০০৪ চনৰ পৰা ২০১৯ চন পৰ্যন্ত প্ৰধান ৰাজনৈতিক দলসমূহে মুঠ ১১,২৩৮ কোটি টকা চান্দ সংগ্ৰহ কৰাৰ তথ্য আহি পৰিছে । এই তথ্য প্ৰকাশ কৰিছে এছ’চিয়েছন অৱ ডেমক্ৰেটিক ৰিফৰ্মছ চমুকৈ এডিআৰে ।
এডিআৰে দিয়া তথ্য অনুসৰি বিজেপি , কংগ্ৰেছ, টিএমচি, চিপিআইএম, এনচিপি, বিএচপি আৰু চিপিআই দল আছে এই তালিকাত । নিৰ্বাচন আয়োগক এইসমূহ দলে দিয়া তথ্য অনুযায়ী পৰিসংখ্যা প্ৰকাশ কৰিছে এডিআৰে । এইসমূহ দলে সংগ্ৰহ কৰা ১১,২৩৪ কোটি টকাৰ ভিতৰত অজ্ঞাত স্থানৰ পৰা বিজেপিয়ে সংগ্ৰহ কৰিছে ১,৬১২.০৪ কোটি টকা ।
এডিআৰৰ তথ্য অনুসৰি অজ্ঞাত উৎসৰ পৰা কংগ্ৰেছে সংগ্ৰহ কৰা ধনৰ পৰিমাণ হৈছে ৭২৮.৮৮ কোটি টকা । এই ধন হৈছে দলটোৰ মুঠ আয়ৰ ২৯ শতাংশ । ইফালে কুপন বিক্ৰী কৰি কংগ্ৰেছ আৰু এনচিপিয়ে ২০০৪ চনৰ পৰা ২০১৯ চনলৈকে সংগ্ৰহ কৰিছে ৩,৯০২.৬৩ কোটি টকা ।