অতি শীঘ্ৰেই দেশৰ ৰেলৱে ষ্টেচনৰ পৰা ব্যাহত হ’ব বিনামূলীয়া ৱাই ফাই সেৱা
নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ আপুনি যেতিয়া ৰেল ষ্টেচনত ৰেলৰ বাবে অপেক্ষা কৰি থাকে তেতিয়া আপুনি হয়তো বিনামূলীয়া ৱাই-ফাই ব্যৱহাৰ কৰি থাকে। কিন্তু এতিয়া হয়তো আপুনি পোৱা বিনামূলীয়া ৱাই-ফাই ব্যাহত হ’ব পাৰে। দেশৰ বিভিন্ন ষ্টেচনত উপলব্ধ হোৱা বিনামূলীয়া ৱাই-ফাই সেৱা প্ৰদান কৰা গুগলে এতিয়া এই সেৱা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সূত্ৰ সমূহে সদৰি কৰা মতে দেশত এতিয়া কম দামত ডেটা লাভ কৰাৰ বাবে গুগলে উপাৰ্জন কৰিব পৰা নাই। প্ৰথমতে কোনোবা ব্যৱহাৰকাৰীয়ে ৱাই-ফাই লগ ইন কৰে তেতিয়া বিভিন্ন বিজ্ঞাপন দি গুগলে উপাৰ্জন কৰিছিল। কিন্তু এতিয়া মবাইল ব্যৱহাৰ কাৰী সকেল ৱাই-ফাই ব্যৱহাৰ নকৰি ডেটা ব্যৱহাৰ কৰে। গুগলৰ মতে ব্যৱহাৰ কাৰী কম হোৱাৰ কাৰণে এই বিনামূলীয়া সেৱা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।