আইএছআইৰ ‘হানী ট্রেপ’ৰ ষড়যন্ত্র ভাৰতত
শীর্ষ নিৰাপত্তা বিষয়াক জালত পেলোৱাৰ লক্ষ্যঃ নিয়াৰ হাতত সবিশেষ তথ্য
নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ হানী ট্র্রেপ’ৰ জৰিয়তে ভাৰতীয় নিৰাপত্তা বাহিনীৰ কর্মীক জালত পেলোৱাৰ ষড়যন্ত্র ৰচিছে পাকিস্তানী চোৰাংচোৱা সংস্থা আইএছআয়ে৷ কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ এক সূত্রৰ উদ্ধৃতি দি এই তথ্য সদৰী কৰিছে সংবাদ সংস্থা জি নিউজে৷ ইতিমধ্যে এই ষড়যন্ত্রৰ নেতৃত্ব লাভ কৰিছে আইএছআইৰ এগৰাকী জ্যেষ্ঠ বিষয়াই৷ সূত্রটোৱে সদৰী কৰা অনুসৰি শীঘ্রে ৰাষ্ট্রীয় অনুসন্ধান সংস্থা(নিয়া)ই পাকিস্তানী চোৰাংচোৱা সংস্থাটোৰ এই ষড়যন্ত্র সন্দর্ভত সবিশেষ তথ্য সদৰী কৰিব৷ উল্লেখনীয় যে ছ’চিয়েল মিডিয়া প্লেটফর্ম ফেচবুক, ইনষ্টাগ্রাম আদিৰ জৰিয়তে ভাৰতীয় নিৰাপত্তা বিষয়াসকলক এই হানী ট্রেপৰ চিকাৰ কৰিবলৈ ষড়যন্ত্র চলোৱা বুলি গৃহ মন্ত্রণালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়ববীয়াই জি নিউজক জনাইছে৷ লক্ষণীয়ভাৱে আইএছআইৰ এই ষড়যন্ত্রৰ তথ্য ভাৰতীয় চোৰাংচোৱাৰ হাতত পৰাৰ পিছতে সশস্ত্র বাহিনীবোৰত ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ সন্দর্ভত প্রশ্ণৰ অৱতাৰণা হৈছে৷ ইতিমধ্যে ভাৰতীয় নৌসেনাই কর্তব্যৰ সময়ত ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে৷ গতিকে অন্য সশস্ত্র বাহিনীসমূহতো একেই ব্যৱস্থা গ্রহণ কৰা হ’ব নেকি তাক লৈ প্রতিৰক্ষা মন্ত্রণালয়ৰ তৰফৰ পৰা চিন্তা–চর্চা চলি থকা বুলি সংবাদ মাধ্যমে প্রকাশ কৰিছে৷