নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বর্ষটোৰ ১৯খন গ্রন্থ অধ্যয়ন কৰি অভিভূত বাৰাক অ’বামা

অধ্যৱসায়ী আমেৰিকাৰ প্রাক্তন ৰাষ্ট্রপতি

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ প্রাক্তন মার্কিন ৰাষ্ট্রপতি বাৰাক অ’বামা এগৰাকী দক্ষ ৰাজনীতিবিদ বা প্রশাসকেই নাছিল৷ অ’বামা এগৰাকী অধ্যৱসায়ী ব্যক্তিও৷ বিশ্বৰ বিভিন্ন গ্রন্থ অধ্যয়ন কৰে নেতাগৰাকীয়ে৷ চলিত বর্ষত অ’বামাই অধ্যয়ন কৰা গ্রন্থসমূহৰ মাজৰ পৰা ১৯খন অতি মনোগ্রাহী বুলি চিনাক্ত কৰিছে৷ পুঁজিবাদৰ পৰা অর্থনীতিৰ উত্থান–পতনলৈ, নাৰীবাদৰ পৰা ব্রিটেইনৰ আন্দোলনলৈ বিভিন্ন বিষয়ৰ ওপৰত গ্রন্থ অধ্যয়ন কৰি অ’বামাই ১৯খন গ্রন্থক অতি মনোগ্রাহী আৰু বিশ্ববাসীৰ বাবে প্রয়োজনীয় বুলি অভিহিত কৰিছে৷ এই গ্রন্থসমূহৰ ভিতৰত আছে ‘দ্য এজ অৱ ছার্ভিলেন্স কেপিটেলিজম’, ‘দ্য এনার্কি’, ‘ফিউৰিয়াছ আৱার্ছ’কে ধৰি কেইবাখনো বিখ্যাত গ্রন্থ৷ এই গ্রন্থসমূহ ইতিমধ্যে বিভিন্ন ভাষালৈ অনূদিত হৈছে৷ স্মর্তব্য যে এগৰাকী দক্ষ ৰাজনীতিক হ’বলৈ হ’লে অধ্যয়ন অতি জৰুৰী বুলি ঘোষণা কৰি আহিছে বাৰাক অ’বামাই৷