নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ আগন্তুক বাজেট অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে নীতি আয়োগৰ কাৰ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু দেশৰ বিশিষ্ট অৰ্থনীতিবিদসকলৰ মাজত সম্পন্ন হয় এক বিশেষ বৈঠক । গৃহমন্ত্ৰী অমিত শ্বাহ , ৰে’লমন্ত্ৰী পীয়ুষ গোৱেল, পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীও উপস্থিত থাকে এই বিশেষ সভাত ।
বিগত বাজেটত নিৰ্মলা সীতাৰমনে ঘোষণা কৰিছিল যে, ২০২৪ চনৰ ভিতৰত দেশৰ অৰ্থনীতি ৫ লক্ষ কোটি ডলাৰলৈ বৃদ্ধি পাব । সেই লক্ষ্যত হ’বলৈ কিদৰে জিডিপিৰ হাৰ বৃদ্ধি কৰা হ’ব সেয়া বৰ্তমানে নিশ্চিত নহয় । গতিকে আগন্তুক বাজেট অধিৱেশনত কিদৰে দেশৰ অৰ্থনীতি শক্তিশালী কৰাৰ নিমিত্তে কাৰ্যব্যৱস্থা গ্ৰহণ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখিছে সকলোৱে । উল্লেখ্য যে, দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ১ ফেব্ৰুৱাৰী তাৰিখে দাখিল কৰিব তেওঁৰ দ্বিতীয়খন বাজেট ।