নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা কাশ্মীৰত সম্পূৰ্ণকৈ খুলিল দোকান-পোহাৰ

নিউজডেস্ক, ২০ নৱেম্বৰঃ কাশ্মীৰত বুধবাৰৰ পৰা সম্পূৰ্ণকৈ দিনটোৰ বাবে দোকান-পোহাৰ খোলা প্ৰক্ৰিয়া আৰম্ভ হ’ব । সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিলৰ পিছত যোৱা ৭ আগষ্টৰ পৰা কেৱল পুৱা আৰু গধূলি কেইঘণ্টামানৰ বাবে কাশ্মীৰৰ দোকান খুলিছিল । কিন্তু তিনি মাহৰ পাছত বুধবাৰৰ পৰা দিনটোৰ বাবে দোকান-পোহাৰ খুলিব পৰাৰ অনুমতি দিয়া হৈছে । ইপিনে স্বাভাৱিকতে তিনিমাহৰ পাছত দিনটোৰ বাবে সম্পূৰ্ণকৈ দোকান খুলিবলৈ পাই সন্তুষ্টি লাভ কৰিছে শ্ৰীনগৰৰ ব্যৱসায়ী সন্থাই । উল্লেখ্য যে পৰিস্থিতি অশান্ত হোৱাৰ প্ৰতি লক্ষ্য ৰাখিয়ে কেন্দ্ৰীয় চৰকাৰে দোকান-পোহাৰ খোলাত প্ৰতিবন্ধকতা ৰাখিছিল ।

You might also like