নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ কংগ্রেছ নেতৃত্বাধীন মধ্যপ্রদেশ চৰকাৰত চলি থকা ৰাজনৈতিক সংকটৰ পৰিপ্রেক্ষিতত বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূর্ণ নির্দেশ প্রদান কৰিছে৷ সেই অনুসৰি আজি মধ্যপ্রদেশৰ কমল নাথ চৰকাৰ আস্থা ভোটৰ সন্মুখীন হ’ব লাগিব৷
মধ্যপ্রদেশৰ প্রাক্তন মুখ্যমন্ত্রী তথা বিজেপি নেতা শিৱৰাজ সিং চৌহানে ৰাজ্যৰ বিধানসভাত আস্থা ভোট অনুষ্ঠিত কৰাৰ দাবীত দেশৰ সর্বোচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল৷ সেই গোচৰৰ শুনানি গ্রহণ কৰি উচ্চতম ন্যায়ালয়ে আজি সন্ধিয়া ৫ বজাত আস্থা ভোট অনুষ্ঠিত কৰাৰ নির্দেশ দিয়ে৷
উল্লেখ্য যে শেহতীয়াকৈ কমল নাথ নেতৃত্বাধীন মধ্যপ্রদেশৰ কংগ্রেছ চৰকাৰত মোক্ষম আঘাত হানি দলৰ নেতা জ্যোতিৰাদিত্য সিন্ধিয়াই দল ত্যাগ কৰাৰ উপৰি তেওঁৰ প্রতি আনুগত্য প্রদর্শন কৰি ২২ জন বিধায়কে পদত্যাগ কৰিছিল৷ ফলত বিৰোধী দল বিজেপিয়ে কমল নাথ চৰকাৰক আস্থা ভোটৰ সন্মুখীন হ’বলৈ দাবী উত্থাপন কৰিছিল৷