নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি প্রধানমন্ত্রীৰে মুখ্যমন্ত্রীসকলৰ ভিডিঅ’ বার্তালাপ

নিয়মীয়া বার্তা, ১১ মেঃ  দেশজুৰি বলৱৎ হৈ থকা তৃতীয় পর্যায়ৰ লকডাউনৰ পাছত ক’ৰোনা ভাইৰাছ সংক্রমণ ৰুধিবৰ বাবে কেন্দ্রীয় চৰকাৰৰ পৰিকল্পনা কি হ’ব? এই দিশত আলোচনা কৰিবৰ বাবে আজি বিয়লি ৩ বজাত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্রীসকলৰ সৈতে এক বৈঠকত মিলিত হ’ব৷ দেশত তীব্র ৰূপত বৃদ্ধি পাই থকা ক’ৰোনা মহামাৰী ৰোধ কৰাৰ বাবে পৰৱর্তী পদক্ষেপৰ ওপৰত এতিয়া দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপৰি মুখ্যমন্ত্রীসকলৰে আলোচনাত অংশ ল’ব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, স্বাস্থ্যমন্ত্রী ডাঃ হর্ষ বর্ধন, বিত্তমন্ত্রী নির্মলা সীতাৰমণকে ধৰি মুখ্য সচিবসকল, গৃহ বিভাগ আৰু স্বাস্থ্য বিভাগৰ সচিবসকলে৷

উল্লেখ্য যে শেহতীয়া তথ্য অনুসৰি দেশত ক’ৰোনা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা ৬৩ হাজাৰলৈ বৃদ্ধি পাইছে৷ যোৱা ২৪ মার্চত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২১ দিনীয়া লকডাউন ঘোষণা কৰাৰ পাছত ১৫ এপ্রিলৰ পৰা ৩ মে’লৈ দ্বিতীয় পর্যায়ৰ লকডাউন ঘোষণা কৰিছিল৷ কিন্তু এই দুয়োটা পর্যায়ৰ লকডাউনৰ মুঠ ৪০ দিনৰ পাছতো দেশত সংক্রমিত আৰু মৃত লোকৰ সংখ্যা হ্রাস নোপোৱাত তৃতীয় পর্যায়ৰ দুসপ্তাহজোৰা লকডাউন ঘোষণা কৰে৷ প্রণিধানযোগ্য যে মুখ্যমন্ত্রীসকলৰে হ’বলগীয়া আলোচনাত প্রধানমন্ত্রীয়ে ক’ভিড–১৯ৰে মোকাবিলাৰ উপৰি অর্থনৈতিক কাম–কাজৰো বুজ ল’ব৷ বৈঠকত লকডাউন বৃদ্ধি হ’ব নে শিথিল কৰা হ’ব, নতুনকৈ ৰেড জ’ন বা অ’ৰেঞ্জ জ’নত কোন কোন জিলা অন্তর্ভুক্ত হ’ব, এনেধৰণৰ সকলো দিশ বিশদভাৱে আলোচনা হোৱাৰ সম্ভাৱনা আছে৷

You might also like