নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্য ন্যায়াধীশ ৰূপে দায়িত্ব ল’লে এছ এ ব’বডেই

নিউজডেস্ক, ১৭ নৱেম্বৰঃ সোমবাৰে উচ্চতম ন্যায়ালয়ৰ ৪৭ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব ল’লে জেষ্ঠ ন্যায়াধীশ শাৰদ অৰবিন্দ ব’বডেই । দেওবাৰে অৱসৰ গ্ৰহণ কৰা মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ পৰা দায়িত্ব গ্ৰহণ কৰে এছ এ ব’বডেই । মহাৰাষ্ট্ৰৰ নাগপুৰত ১৯৫৬ চনৰ ২৪ এপ্ৰিলত জন্মগ্ৰহণ কৰা ব’বডেই নাগপুৰৰ এছ এফ এছ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি পৰৱৰ্তী সময়ত ডঃ আম্বেদকাৰ ল’ কলেজ আৰু নাগপুৰ বিশ্ববিদ্যালয়ৰ পৰা আইনৰ শিক্ষা গ্ৰহণ কৰে । ১৯৭৯ চনত অধিবক্তা হিচাপে সেৱা আগবঢ়াই পৰৱৰ্তী সময়ত বোম্বে উচ্চ ন্যায়ালয়ত অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে । ২০১২ চনত মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব লৈ ২০১৩ চনৰ ১২ এপ্ৰিলত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হয় । আধাৰ, অযোধ্যা বিবাদকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ গোচৰৰ ৰায় দান কৰা এছ এ ব’বডেক দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে শপত বাক্য পাঠ কৰায় । উল্লেখ্য যে তেওঁ দেশৰ মুখ্য ন্যায়াধীশ হিচাপে ১৭ মাহ কাৰ্যনিৰ্বাহ কৰি ২০২১ চনৰ ২৩ এপ্ৰিলত অৱসৰ গ্ৰহণ কৰিব ।

You might also like