নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্দোলনৰ নামত হিংসাঃ আৰক্ষীয়ে মুকলি কৰিলে দুষ্কৃতিকাৰীৰ ফটোসম্বলিত প’ষ্টাৰ

নিয়মীয়া বার্তা, ২৩ ডিচেম্বৰঃ উত্তৰ প্ৰদেশত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্রতিবাদী আন্দোলনত হিংসাত্মক কার্যত লিপ্ত থকাসকলক চিনাক্ত কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ।

দুষ্কৃতিকাৰীৰ ফটোসম্বলিত প’ষ্টাৰ

নাগৰিকত্ব আইনৰ বিৰুদ্ধে বিক্ষোভৰ সময়ত হিংসাত্মক কাৰ্যৰ নেতৃত্ব দিয়া লোকক গ্রেপ্তাৰৰ বাবে আৰক্ষীয়ে সোমবাৰে ফটো সহ প’ষ্টাৰ জাৰি কৰে।

এই প’ষ্টাৰসমূহত স্পষ্টকৈ লিখা আছে যে যি লোকে এই দুষ্কৃতিকাৰীসকলৰ তথ্য যোগান ধৰিব তেওঁলোকক পুৰষ্কৃত কৰা হ’ব । আৰক্ষীয়ে লগতে কয় যে খবৰদাতাৰ পৰিচয় গোপন ৰখা হ’ব।

ইপিনে আৰক্ষীয়ে জনোৱা মতে এই পৰ্যন্ত ভিডিঅ’ আৰু চি চি টিভি ফুটেজৰ জড়িয়তে শতাধিক দুষ্কৃতিকাৰীক চিহ্নিত কৰা হৈছে।

এক সূত্রমতে, দুষ্কৃতিকাৰীৰ তথ্য প্রকাশ কৰাসকলক তাৰ বিনিময়ত উত্তৰ প্ৰদেশ আৰক্ষীয়ে পাঁচ হাজাৰকৈ টকা পুৰষ্কাৰৰ বিবেচনা কৰিছে।

You might also like