নিয়মীয়া বার্তা, ২৯ জানুৱাৰীঃ আগন্তুক ৮ ফেব্রুৱাৰীত অনুষ্ঠিত হ’বলগীয়া দিল্লী বিধানসভা নির্বাচনৰ পূর্বে আপৰ মুৰব্বী তথা মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে দেশৰ ৰাজধানীৰ পৰিয়ালবোৰৰ সৈতে মত বিনিময় কৰিবলৈ মুকলি কৰিছে এক নতুন ৱেবছাইট৷ এই ৱেবছাইটযোগে অনলাইন প্রচাৰ অভিযান আৰম্ভ কৰিছে মুখ্যমন্ত্রী কেজৰিৱালে৷
আপ চৰকাৰে বিগত সময়ত দিল্লীত শিক্ষা, স্বাস্থ্য, বিদ্যুৎ, পানী আদিৰ ক্ষেত্রত কেনেধৰণৰ ব্যৱস্থা গ্রহণ কৰিলে নাইবা এইক্ষেত্রত কিবা ত্রুটি থাকিল নেকি সেই সন্দর্ভত ভোটাৰসকলৰ সৈতে কেজৰিৱাল তথা আপ নেতাসকলে অনলাইনযোগে মত বিনিময় কৰিব৷ দুসপ্তাহতকৈ কম সময় থকা অৱস্থাত দিল্লীৰ নির্বাচনী প্রচাৰ অভিযান তীব্রতৰ হৈ পৰিছে৷
উল্লেখনীয় যে ‘আপকা কেজৰিৱাল, আপকে দ্বাৰ’ শীর্ষক শ্লোগানেৰে এই অনলাইন প্রচাৰ অভিযান আৰম্ভ কৰিছে আপে৷ দলটোৰ ছ’চিয়েল মিডিয়াৰ মুৰব্বী অংকিত লালে উল্লেখ কৰিছে যে এই ৱেবছাইট বিভিন্ন গেম আৰু বিজ্ঞাপনত ব্যৱহাৰ কৰা প্রযুক্তিৰে প্রস্তুত কৰা হৈছে৷
স্মর্তব্য যে দিল্লী বিধানসভা নির্বাচনৰ প্রচাৰত বর্তমানলৈ আপৰ সন্মুখত সকলো দলকে নিষ্প্রভ দেখা গৈছে৷