নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ যোৱা ৮ ফেব্ৰুৱাৰী তাৰিখে সম্পন্ন হোৱা দিল্লী বিধানসভা নিৰ্বাচনৰ আজি ভোটগণনা অব্যাহত আছে । ভোট গণনা অনুসৰি বৰ্তমানলৈকে দিল্লী শাসিত আম আদমী পাৰ্টীয়ে অগ্ৰগতি লাভ কৰিছে ৫৪ খন আসনত ইয়াৰ বিপৰীতে বিজেপিয়ে ১৬ খনত অগ্ৰগতি লাভ কৰিছে ।
নতুন দিল্লী সমষ্টিৰ পৰা আগবাঢ়ি আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল । শেহতীয়া এই ভোটগণনাৰ খবৰৰ পাচতেই এতিয়া দিল্লীত থকা আম আদমী পাৰ্টীৰ কাৰ্যালয়ত দেখা গৈছে আনন্দ-উল্লাস । দলটোৰ নেতা-কৰ্মীসকলকো এতিয়া দেখা গৈছে উল্লাসিত হৈ থকা ।
উল্লেখ্য যে, শেহতীয়াভাৱে বহুকেইটা ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ এগজিট প’লত দিল্লীত আম আদমী পাৰ্টীয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি প্ৰকাশ পাইছিল । তাৰ অনুৰূপভাৱে আজিৰ ভোটগণনাৰ দিনটোত ৫৪ খন আসনত অগ্ৰগতি লাভ কৰা আম আদমী পাৰ্টীয়ে যে দিল্লীত চৰকাৰ গঠন কৰিব সেইটো নিশ্চিত ।