নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আপ–বিজেপি–কংগ্রেছৰ্ তীব্র প্রচাৰ অভিযান

নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ আগন্তুক ৮ ফেব্রুৱাৰীত অনুষ্ঠিত হ’বলগীয়া দিল্লী বিধানসভা নির্বাচনৰ প্রচাৰ অভিযানত মূল তিনিটা দলে আৰম্ভ কৰিছে যুদ্ধকালী তৎপৰতা৷ আম আদমী পার্টী (আপ), কংগ্রেছ আৰু বিজেপি দেশৰ ৰাষ্ট্রীয় ৰাজধানীত ভোটাৰসকলক আকর্ষণ কৰিবলৈ আজিৰে পৰা প্রচাৰ অভিযান তীব্রতৰ কৰিছে৷

দিল্লীৰ মুখ্যমন্ত্রী কেজৰিৱালে আজি নাৰেলা, বাৱানা আৰু গান্ধীনগৰত বিশাল ৰোড শ্ব’ উলিয়াই আগন্তুক নির্বাচনত আপ প্রার্থীক জয়ী কৰিবলৈ ভোটাৰসকলক আহ্বান জনাইছে৷ ইফালে বিজেপি সভাপতি অমিত শ্বাহে আজি অংশগ্রহণ কৰে তিনিখনকৈ জনসভাত৷ দলটোৰ নৱনির্বাচিত সভাপতি জেপি নাড্ডায়ো আজি দিল্লীত কেজৰিৱালৰ বিৰুদ্ধে সমালোচনাত সৰৱ হোৱা দেখিবলৈ পোৱা গৈছে৷

২০১৬ চনত জেএনইউৰ ৰাষ্ট্রদ্রোহৰ গোচৰ সন্দর্ভত মন্তব্য আগবঢ়াই নাড্ডাই কয় যে ভাৰতক ভাগ ভাগ কৰিব বিচৰা অপশক্তিবোৰক কেজৰিৱালে সমর্থন কৰি আহিছে৷ দেশৰ সার্বভৌমত্বৰ প্রতি ভাবুকি অনা শক্তিবোৰক কেজৰিৱালে সমর্থন দিয়া বুলি আজি প্রচাৰ অভিযানত অংশগ্রহণ কৰি অভিযোগ কৰে নাড্ডাই৷ স্মর্তব্য যে কালি বিজেপিৰ দিল্লী গোটৰ মুৰব্বী মনোজ তিৱাৰীয়ে দলটোৰ চৰকাৰ গঠন হ’লে ৬০টাকৈ স্ম’গ টাৱাৰ স্থাপনৰ প্রতিশ্রুতি প্রদান কৰিছে৷

You might also like