নিয়মীয়া বাৰ্তা, ১০ জুনঃ সমবায় বেংকৰ জৰিয়তে আৰবিআয়ে ঋণৰ প্রৱাহ বৃদ্ধি কৰাৰ ঘোষণাক আদৰণি জনাইছে কেন্দ্রীয় গৃহ–সমবায় মন্ত্রী অমিত শ্বাহে৷ সমবায় খণ্ডৰ কাৰণে আৰবিআয়ে তিনিটাকৈ অতি গুৰুত্বপূর্ণ নীতিৰ সিদ্ধান্ত লোৱাৰ প্রসংগ উল্লেখ কৰি কেন্দ্রীয় গৃহমন্ত্রী তথা সমবায় মন্ত্রী শ্বাহে ৰিজার্ভ বেংকৰ সিদ্ধান্তক আদৰণি জনায়৷ গৃহমন্ত্রী–সমবায় মন্ত্রী শ্বাহে কয় যে এবছৰৰ কম সময়ৰ ভিতৰতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সমবায় খণ্ডক লৈ অনেক ঐতিহাসিক সিদ্ধান্ত গ্রহণ কৰিছে৷ যিটো দীর্ঘদিন ধৰি আৱশ্যক হৈ আছিল৷ উল্লেখ্য যে আৰবিআয়ে ঘোষণা কৰা তিনি অতি গুৰুত্বপূর্ণ নীতিৰ ভিতৰত নগৰ সমবায় বেংকৰ কাৰণে ব্যক্তিগত গৃহ ঋণৰ সীমা দুগুণ কৰাৰ লগতে গ্রাম্য সমবায় বেংকৰ কাৰণে দুগুণতকৈ অধিক কৰিছে৷ এই সিদ্ধান্তৰ বাবে টায়াৰ–১ নগৰ সমবায় বেংকে ঋণৰ সীমা ৩০ লাখৰ পৰা ৬০ লাখ টকালৈ, টায়াৰ–২ নগৰ সমবায় বেংকে ৭০ লাখৰ পৰা ১.৪ কোটি লাখলৈ আৰু গ্রাম্য সমবায় বেংকে ২০ লাখৰ পৰা ৩০ লাখ, ৫০ লাখ আৰু ৭৫ লাখলৈকে বৃদ্ধি কৰিব৷ তেনেদৰে আন এক সিদ্ধান্ত অনুসৰি গ্রাম্য সমবায় বেংকক কমার্চিয়েল ৰিয়েল ইষ্টেট ৰেছিডেন্সিয়েল হাউছিং ছেক্টৰক ঋণ দিয়াৰ অনুমতি দিয়া হৈছে৷ আৰবিআইৰ তৃতীয় বৃহৎ সিদ্ধান্ত অনুসৰি নগৰ সমবায় বেংকসমূহে বাণিজ্যিক বেংকৰ দৰেই গ্রাহকক সুবিধা প্রদানত অনুমতি দিয়া হৈছে৷ সমবায় মন্ত্রালয় আৰু এই খণ্ডটোৰ সৈতে জড়িত কোটি কোটি জনতাৰ হৈ প্রধানমন্ত্রী মোদীক কৃতজ্ঞতা জনায় মন্ত্রী শ্বাহে৷