নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰ: ‘পিএম কেয়ার্ছ ফাণ্ড’ৰ ন্যাসৰক্ষী সদস্য হিচাপে মনোনীত কৰা হৈছে দেশৰ উদ্যোগপতি ৰতন টাটা, উচ্চতম ন্যায়ালয়ৰ প্রাক্তন বিচাৰপতি কে টি থমাছ আৰু লোকসভাৰ প্রাক্তন উপাধ্যক্ষ কাৰিয়া মুণ্ডাক৷ এক চৰকাৰী বিবৃতিযোগে সদৰী কৰা হৈছে এই তথ্য৷ কালি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পি এম কেয়ার্ছ ফাণ্ডৰ ন্যাসৰক্ষীসকলৰ সৈতে আলোচনাত মিলিত হৈছে৷ এই বৈঠকত সভপতি হিচাপে উপস্থিত আছিল প্রধানমন্ত্রী মোদী৷ ইয়াৰ উপৰি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু বিত্তমন্ত্রী নির্মলা সীতাৰমণেও নতুন ন্যাসৰক্ষী সদস্যসকলৰ সৈতে কালি মত বিনিময় কৰিছে৷ প্রধানমন্ত্রীৰ সচিবালয়ৰ তৰফৰ পৰা এক বিবৃতিত প্রকাশ কৰা হয় যে ইতিমধ্যে প্রধামন্ত্রী মোদীয়ে পি এম কেয়ার্ছ ফাণ্ডৰ নতুন সদস্যসকলক আদৰণি জনাইছে৷ দেশৰ প্রাক্তন চি এ জি ৰাজীৱ মেহঋষি, ইনফ’ছিছৰ প্রাক্তন অধ্যক্ষ সুধামূর্তি, ‘টিছ ফৰ ইণ্ডিয়া’ৰ সহপ্রতিষ্ঠাতা আনন্দ শ্বাহক ফাণ্ডৰ উপদেষ্টা পৰিষদৰ সদস্য হিচাপে বাছনি কৰা হয়৷ পি এম কেয়ার্ছ ফাণ্ডৰ কাম–কাজ সুচাৰুৰূপে চলাবলৈ এই সদস্যসকলে পৰামর্শ আগবঢ়াব৷