নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘগ্ৰাপাৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত গেছ ভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত; গেছ নিৰ্গত 

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰ: নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ কাটুৰীয়াত আজি পুৱতি নিশা এখন গেছ ভৰ্তি টেংকাৰ দুৰ্ঘটনাৰ সম্মুখীন হোৱাৰ ফলত ভয়ানক বিপদৰ পৰা ৰক্ষা পৰে বৃহত্তৰ  ঘগ্ৰাপাৰ অঞ্চল। উল্লেখ‍্য যে উক্তস্থানত ৰৈ থকা এন এল ০২ কে ৩৯৩৯ গেছ ভৰ্তি টেংকাখনত গুৱাহাটী অভিমুখে গৈ থকা এন এল ০১ এ চি ৭০৪২  নম্বৰৰ ট্ৰাক খনে পিছফালে প্ৰচণ্ড যোৰে তীব্ৰ যোৰে খুন্দা মৰাৰ ফলত গেছ ভৰ্ত্তি  গাড়ীখনৰ পৰা গেছ নিৰ্গৰিত হয়। খবৰ পোৱাৰ লগে লগে স্থানীয় আৱাসীসকলৰ লগতে ৰাইজ আংতকিত হৈ পৰে। ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপকৰ গাড়ী আহি গেছ ৰোধৰ চেষ্টা কৰে। ইতিমধ্যে কেইবাঘন্টা সময় ধৰি উক্ত পথৰে যাতায়ত বন্ধ হৈ পৰে যদিও সম্প্ৰতি পথ টো মুকলি কৰিছে।
You might also like