নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছবিআই ফাউণ্ডেচনৰ ৩০ কোটি টকাৰ সাহায্য আঁচনি

নিয়মীয়া বাৰ্তা, ৩ মে’ : দেশ এক অভাৱনীয় দুর্যোগৰ সন্মুখীন হোৱাৰ সময়ত ভাৰতীয় ষ্টেট বেংকৰ চি এছ আৰ শাখা এছ বি আই ফাউণ্ডেচনে সমগ্র ভাৰতবর্ষত ক’ভিড সাহায্য আঁচনিৰ বাবে ৩০ কোটি টকা প্রদান কৰিছে৷ এছ বি আই ফাউণ্ডেচনে ক’ভিড প্রতিৰোধী যুঁজৰ খাদ্য যোগানত সহযোগিতা, স্বাস্থ্যখণ্ডত আন্তঃগাঁথনিৰ শক্তিশালীকৰণ, স্বাস্থ্যকর্মীসকলৰ সক্ষমতা বৃদ্ধি আৰু আই আই এছ চিৰ সৈতে সন্ধি কৰি ক’ভিড বিষয়ক প্রকল্পত গৱেষণাত হাত উজান দিব ৷ এইবোৰ ৰূপায়ণৰ বাবে এছ বি আই ফাউণ্ডেচনে স্বাস্থ্যৰ বিষয়ত এটা ধ্বজাবাহী আঁচনি আৰম্ভ কৰিছে ৷ হাস্পতালসমূহত ভেণ্টিলেটৰ, পি পি ইৰ যোগানৰ লগতে দেশৰ চাৰিটা কেন্দ্রত ১০,০০০ পেকেট আহাৰ বিতৰণ ইতিমধ্যে আৰম্ভ হৈছে৷ ইক’ ইণ্ডিয়াৰ সহযোগত এছ বি আয়ে ইক’ ইণ্ডিয়া নামৰ এক প্রকল্প মুকলি কৰিছে ৷

লগতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ৰ সহযোগত বিভিন্ন ৰাজ্যৰ ৫০,০০০ পেছাদাৰী স্বাস্থ্যকর্মীক প্রতিষ্ঠানটোৱে প্রশিক্ষণ প্রদান কৰিব৷ ইতিমধ্যে ইউ এছ এ আই ডিৰ সহায়ত মুকলি হোৱা আন এটা আঁচনি হৈছে ইণ্ডিয়া ক’ভিড–১৯ হেলথকেয়াৰ এলায়েঞ্চ (আই চি এইচ এ)৷ এই আঁচনিয়ে ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰৰ কার্যক্রমৰ পৰিপূৰক হিচাপে কাম কৰিব৷ এই সন্দর্ভত এছ বি আইৰ মুৰব্বী ৰাজনীশ কুমাৰে কয়– এছ বি আইত আমি সদায়েই সমাজ আৰু দেশক বহু ঘূৰাই দিয়াত বিশ্বাস কৰোঁ৷ বর্তমান দেশত ক’ভিড–১৯ মহামাৰীয়ে দুর্যোগৰ সূচনা কৰাৰ সময়ত আমাৰ কার্যক্রমসমূহে ক’ভিড–১৯ প্রতিৰোধী সমূহীয়া যুঁজত প্রভাৱ পেলাব বুলি আশা প্রকাশ কৰিছোঁ৷ মোৰ আবেদনৰ প্রতি সঁহাৰি জনাই আমাৰ পেন্সনাৰসকলে ইতিমধ্যে ক’ভিড সাহায্য পুঁজিলৈ অভূতপূর্বভাৱে বৰঙণি আগবঢ়াইছে আৰু জাতীয় সংকটৰ সময়ত ইতিবাচকভাৱে এক প্রকৃত শক্তি হিচাপে পৰিগণিত হৈছে ৷

You might also like