নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এদিনত ১.৫ কোটি মাস্ক উৎপাদনত সক্ষম ভাৰত

নিয়মীয়া বাৰ্তা, ২১ মার্চঃ ভাৰতত ক’ৰোনা ভাইৰাছৰ সংক্রমণ ক্রমাৎ বৃদ্ধি পোৱাত ভাইৰাছ প্রতিৰোধী মাস্কৰ নাটনি ঘটিছে ৷ এই নাটনি নাইকিয়া কৰিবৰ বাবে কেন্দ্রই ইতিধ্যে মাস্ক উৎপাদন আৰম্ভ কৰিছে ৷ দেশে এদিনত ১.৫ কোটি মাস্ক নির্মাণ কৰিবলৈ সক্ষম ৷ ৰাজ্যসভাত শুকুৰবাৰে এই তথ্য প্রকাশ কৰিছে কেন্দ্রীয় চৰকাৰে ৷ প্রশ্নোত্তৰকালত কেন্দ্রীয় মন্ত্রী মনকোষ লাল মান্দভ্যই ৰাজ্যসভাত কয় যে ঔষধ, গ্ল’ভছ, ছেনিটাইজাৰ চাহিদা অনুসৰি উপলব্ধ ৷ ‘মাস্ক নির্মাণৰ বাবে দেশৰ বিভিন্ন স্থানত ১০০টাতকৈ অধিক গোট আছে ৷ আমাৰ সমীক্ষা মতে প্রতিদিনে দেশত ১.৫ কোটি মাস্ক নির্মাণৰ সক্ষমতা আছে ৷ উৎপাদন ইতিমধ্যে আৰম্ভ কৰা হৈছে ৷ মাস্কৰ নাটনি হোৱা নাই৷’ ৰাজ্যসভাত এইদৰে কয় মন্ত্রী মান্দভ্যই ৷ উল্লেখ্য যে ক’ৰোনা ভাইৰাছে দেশত সংক্রামক ৰূপ লোৱাত চিকিৎসা সামগ্রীৰ নাটনি পৰিলক্ষিত হৈছে ৷

You might also like