নিয়মীয়া বাৰ্তা, ৩ জুন : ওড়িশাৰ বালাচোৰত কালি নিশা সংঘটিত ভয়াৱহ ৰে’ল দুৰ্ঘটনাত সমগ্ৰ দেশবাসী শোকত ম্ৰিয়মাণ হৈ পৰিছে। দুৰ্ঘটনাটোত তিনি শতাধিক ৰে’লযাত্ৰীয়ে প্ৰাণ হেৰুওৱাৰ লগতে ৯ শতাধিক আহত হয়। কেন্দ্ৰীয় ৰে’লমন্ত্ৰীয়ে নিহতৰ পৰিয়াললৈ ১০ লাখ, গুৰুতৰভাৱে আহতলৈ ২লাখ আৰু সামান্যভাৱে আহতলৈ ৫০হাজাৰ টকাৰ সাহায্য ঘোষণা কৰিছে। হতাহতৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ওড়িশা চৰকাৰে আজি ৰাজ্যখনত শোক পালন কৰিব।
Next Post
You might also like