নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত ৰঞ্জিত ভট্টচাৰ্য্যৰ লগতে কৃষক মৰ্চাৰ এক সজাতি দলৰ কৃষিভূমি পৰিদৰ্শন

নিয়মীয়া বাৰ্তা, ৬ মে: আজি বিজেপি ৰাজ্যিক কৃষকমৰ্চাৰ এক সজাতিদলে দক্ষিণ কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাজাপাৰা অঞ্চলত এখন কৃষক সভাত অংশগ্ৰহণ কৰাৰ লগতে কৃষি ভূমি পৰিদৰ্শন কৰে । স্থানীয় যুৱকসকলে অধিক মাত্ৰাত ব্যৱসায়িক ভিওিত জৈৱিক পদ্ধতিৰে অমিতা, পানীলাওঁ, কোমোৰা ইত্যাদিৰ খেতি পৰিদৰ্শণ কৰি অভিভূত হয় ৰাজ্যিক কষকমৰ্চাৰ দলটো। সজাতি দলত ৰাজ্যিক কৃষকমৰ্চাৰ উপসভাপতি ক্ৰমে ৰঞ্জিত ভট্টচাৰ্য্য,  নিবাৰন লহকৰ, কোষাধ্যক্ষ ৰাজেন্দ্ৰ নাথ, ৰাজ্যিক সদস্য  কাৱেন্দ্ৰ ডেকা, দিনেশ দাস, জিলা সভাপতি মানিক সিংহ, ৰাতুল দাস, ৰূদ্ৰ নাথ, বকো মণ্ডলৰ সভানেত্ৰী অৰ্চনা কলিতা ইত্যাদি উপস্থিত থাকে । সভাত ৰাজ্যিক কৃষকমৰ্চাই স্থানীয় কৃষকসকলক সম্বৰ্ধনা জ্ঞাপন কৰে ।
You might also like