নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণতন্ত্ৰ দিৱসত কূটাঘাতৰ লক্ষ্যৰে অহা জইছ-ই-মহম্মদৰ ৫ সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰীঃ জম্মু-কাশ্মীৰৰ শ্ৰীনগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কূটাঘাতৰ লক্ষ্যৰে অহা ৫ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী়ক । কাশ্মীৰ কেন্দ্ৰৰ ডিআইজি ভিকে ব্ৰিদিয়ে জনোৱা অনুসৰি ৫ জনেই পাকিস্তানী সন্ত্ৰাসবাদী জইছ-ই-মহম্মদৰ সদস্য । এক ভয়ানক কূটাঘাতৰ লক্ষ্যৰে এই সন্ত্ৰাসবাদী কেইটাই কাশ্মীৰত প্ৰৱেশ কৰা বুলি জানিবলৈ দিছে ভিকে ব্ৰিদিয়ে । ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।

উল্লেখ্য যে, ২০১৯ বৰ্ষত কাশ্মীৰত এক ভয়ানক কূটাঘাত সংঘটিত কৰিছিল জইছ-ই-মহম্মদ নামৰ এই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠনটোৱে । আৰক্ষীয়ে গ্ৰেপ্তাৰ হোৱা আটাইকেইটা সন্ত্ৰাসবাদীৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । ব্ৰিদিয়ে জনোৱা অনুসৰি হজৰতবালৰ নিৱাসী ইজাজ আহমেদ শেখ, ওমৰ হামিদ শেখ, ইমটিয়াজ আহমেদ, ছাহিল ফাৰুক গুজাৰি আৰু নাছিৰ আহমেদ মিৰ হৈছে জইছ-ই-মহম্মদৰ গ্ৰেপ্তাৰ হোৱা এই পাঁচ সদস্য ।

You might also like