নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনৰ সমর্থন দেশব্যাপী লাভ কৰাৰ বাবে বিজেপিয়ে গ্রহণ কৰা বিভিন্ন পন্থাৰ লগত সংযোগ কৰিলে মিছড কলৰ ব্যৱস্থা৷ দলে বৃহস্পতিবাৰে মুকলি কৰিলে এটা টোল–ফ্রী নম্বৰ, যাৰ জৰিয়তে জনতাই মিছড কল দি ৫ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব লগা দহদিনীয়া জনসম্পর্ক অভিযানৰ লগত সংযুক্ত হৈ পঞ্জীয়নভুক্ত হ’ব পাৰিব৷
বিজেপিৰ সাধাৰণ সম্পাদক অনিল জৈনে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰা মতে, টোল–ফ্রী নম্বৰৰ জৰিয়তে জনতাই ‘কা’ৰ সমর্থনত নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব মিছড কলযোগে ৷
উল্লেখ্য যে ‘কা’ৰ বিৰুদ্ধে ভাৰতৰ বিভিন্ন স্থানত তীব্র প্রতিবাদ অব্যাহত থকাৰ সময়তে বিজেপিয়ে আইনখনৰ সমর্থনত জনসভা আৰু সংবাদ মেলৰ জৰিয়তে সমর্থন আদায়ৰ প্রচেষ্টা অব্যাহত ৰাখিছে৷ বিজেপিৰ সাধাৰণ সম্পাদক জৈনে জনোৱা মতে কেন্দ্রীয় মন্ত্রীৰ পৰা আৰম্ভ কৰি দলৰ শীর্ষ পর্যায়ৰ নেতাসকলে ৫–১৫ জানুৱাৰীৰ ভিতৰত দেশৰ বিভিন্ন স্থান পৰিভ্রমণ কৰি ‘কা’ৰ সমর্থনত প্রচাৰ চলাব৷