নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰঃ দেশজুৰি নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কা বিৰোধী প্ৰতিবাদত নিহতৰ পৰিয়াললৈ পাঁচ লাখ টকাকৈ আৰ্থিক সাহাৰ্য ঘোষণা কৰে ।
বৃহস্পতিবাৰে মাংগালুৰু চহৰৰ এক সমদলত অংশগ্ৰহণ কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, কা বিৰোধী প্ৰতিবাদত নিহত হোৱা মাংগালুৰুৰ প্ৰতিজন শ্বহীদ পৰিয়াললৈ ৫ লাখ টকাৰ চেক প্ৰদান কৰা হ’ব । ইফালে , ছাত্ৰ-ছাত্ৰীসকলক গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে কা আৰু এন আৰ চি বিৰোধী প্ৰতিবাদ অব্যাহত ৰাখিবলৈ আহ্বান জনায় ।
ইয়াৰ পাচতেই মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নাগৰিকত্ব সংশোধনী আইন আৰু এন আৰ চি বিৰোধী সমদল (ৰাজাবাজাৰৰ পৰা মাল্লিক বাজাৰ) ত অংশগ্ৰহণ কৰি সকলোকে একগোট হৈ প্ৰতিবাদ অব্যাহত ৰাখিবৰ বাবে আহ্বান জনায় ।