নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ ক’ৰোনা ভাইৰাছৰ ভয়াৱহতা আৰু সংক্ৰমিত হোৱাৰ শৃংখল সম্পৰ্কে প্ৰায়সংখ্যক লোকেই জ্ঞাত । বিশ্বজুৰি ত্ৰাসৰ কাৰণ হৈ পৰা ক’ৰোনা আক্ৰান্তৰ সংখ্যা ক্ৰমাগতভাৱে ভাৰততো বৃদ্ধি পাই আছে । দেশৰ ৰাজধানী দিল্লীত বৰ্তমানলৈকে দহগৰাকী লোকৰ শৰীৰত পোৱা গৈছে ক’ভিড -১৯।
কিমান ক্ষিপ্ৰতাৰে এজনৰ পৰা আনজনৰ শৰীৰলৈ যাব পাৰে এই ক’ৰোনা ভাইৰাছ । ইয়াৰ বাবে দিল্লীৰ এগৰাকী মহিলাৰ পৰা কিদৰে পাঁচজন লোকৰ শৰীৰত ক’ৰোনা ভাইৰাছ সংক্ৰমিত হয় সেয়া এক উদাহৰণ হিচাপে ল’ব পাৰি ।
কিদৰে তেওঁৰ শৰীৰৰ পৰা আন পাঁচজনৰ শৰীৰলৈ গ’ল মাৰাত্মক ক’ভিড ১৯ চাওক …
১০ ফেব্ৰুৱাৰীঃ মহিলাগৰাকীয়ে ১৯ বছৰীয়া পুত্ৰৰ সৈতে যাত্ৰা কৰে ছৌদি আৰৱলৈ ।
১০ মাৰ্চঃ মাতৃ-পুত্ৰ উভতি আহে দিল্লীলৈ । তেওঁলোকক আনিবলৈ যায় মহিলাগৰাকীৰ ভাতৃ ।
১২ মাৰ্চঃ কাঁহ আৰু জ্বৰত আক্ৰান্ত মহিলাগৰাকী স্থানীয় চিকিৎসকৰ কাষলৈ যায় ।
১৫ মাৰ্চঃ সুস্থ নোহোৱাত এখন কেবত জিটিবি চিকিৎসালয়লৈ যায় আৰু ডাক্তৰে আৰ এম এল চিকিৎসালয়লৈ যাবলৈ কয় ।
১৭ মাৰ্চঃ মহিলাগৰাকীৰ দেহত ক’ভিড ১৯ পোহৰলৈ আহে ।
২০ মাৰ্চঃ তেওঁৰ ভাতৃ আৰু মাতৃৰ শৰীৰতো পোৱা যায় পজিটিভ ।
২১ মাৰ্চঃ তেওঁৰ ২৪ আৰু ২৬ বছৰীয় দুগৰাকী ছোৱালীৰ শৰীৰতো পোৱা যায় পজিটিভ ।
২২ মাৰ্চঃ যি গৰাকী স্থানীয় চিকিৎসকক তেওঁ ১২ তাৰিখে দেখুৱাইছিল তেওঁৰ শৰীৰতো পোৱা যায় পজিটিভ ।
স্বাস্থ্যবিভাগৰ পৰা জনোৱা অনুসৰি তেওঁ বাস কৰা অঞ্চলটোৰ প্ৰায় ৭৪ গৰাকীকৈ লোকক বৰ্তমানেও নজৰত ৰখা হৈছে । ইফালে, স্থানীয় চিকিৎসকৰ তালৈ যাওঁতে আন যিসকল ৰোগী ক্লিনিকত আছিল সেইসকলৰ ওপৰত নজৰ ৰাখিছে স্বাস্থ্য বিভাগে ।