নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেমেৰামেনৰ প্রেমত পৰি বিবাহ বিচ্ছেদ ৯ সন্তানৰ মাতৃৰ

নিয়মীয়া বাৰ্তা, ১৩ জুন: পৰিয়ালৰ মুঠ সদস্যৰ সংখ্যা ১১জন৷ আমাণ্ডা আৰু ক্লাইভে তেওঁলোকৰ ৯ সন্তানক লৈ সুখেৰে কটাইছিল দিন৷ ইংলেণ্ডৰ য়র্কশ্বায়াৰত প্রকাণ্ড বাসগৃহ আছে পৰিয়ালটোৰ৷ ইয়াৰ উপৰি আছে বিশাল কৃষিপাম৷ স্বামী–স্ত্রীয়ে লগ হৈ এই কৃষিপামৰ পৰিচর্যা কৰিছিল৷ পৰিয়ালৰ প্রতিজন সদস্য কৃষিৰ সৈতে জড়িত৷ সন্তানসকলৰ বয়স ৫ৰ পৰা ২১ বছৰৰ ভিতৰত৷ স্থানীয় বাসিন্দাসকলৰ মাজত এই পৰিয়ালটো ‘কার্ডাছিয়ানছ অৱ কাণ্ড্রিছাইড’ নামেৰেও পৰিচিত৷ ইনষ্টাগ্রামত সঘনে আমাণ্ডাই পৰিয়ালৰ সদস্য আৰু কৃষিপামৰ ছবি আপলোড কৰিছিল৷ ছবিবোৰ দেখিলে এনে লাগে যেন কোনো এক সাধুকথাৰ কাহিনী৷ কিন্তু বাস্তৱত সেই সাধুকথাৰ অস্তিত্ব ক’ত? আমাণ্ডা আৰু ক্লাইভৰ সম্পর্কত বহু দিন পূর্বৰে পৰা ফাট মেলিবলৈ ধৰিছিল৷ অৱশ্যে পর্দাৰ আঁৰত যেন সকলো গোপনে ৰখা হৈছিল৷ তেওঁলোকৰ জীৱনধাৰাক দর্শকৰ সন্মুখত তুলি ধৰা বাবে বহু টেলিভিছন চেনেলৰ পৰা তথ্যচিত্র নির্মাণ কৰা হৈছিল৷ এইবোৰক লৈ আমাণ্ডা পূর্বৰে পৰা উৎসাহী যদিও ক্লাইভৰ আগ্রহ আছিল কম৷ নিজৰ কেমেৰামেনৰ সৈতে আমাণ্ডা বেছিভাগ সময় ব্যস্ত থাকে৷ সেই কেমেৰামেনৰ বাবেই ৯ সন্তানৰ মাতৃ আমাণ্ডাই পূর্বৰ স্বামীৰ সৈতে সম্পর্ক ছেদ কৰাৰ সিদ্ধান্ত লয়৷ শেহতীয়াকৈ আমাণ্ডাই নেট মাধ্যমত ঘোষণা কৰিছে যে তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈছে৷ অৱশ্যে সন্তান তথা কৃষিত পূর্বৰ দৰে মনোনিৱেশ কৰিব বুলি আমাণ্ডাই ঘোষণা কৰিছে যদিও য়র্কশ্বায়াৰত এতিয়া এই বিষয়টোক সৰৱ চর্চা চলিছে৷

You might also like