নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰমৰ দিনত স্বাস্থ্যৰ যতন

আমাৰ বহুতৰ বাবে গৰমৰ দিনবিলাক খুব প্রিয়, কিয়নো আমি সাধাৰণতে গৰমৰ দিনকেইটাত স্ফূর্তি কৰি ভাল পাওঁ৷ ছাত্র–ছাত্রীসকলৰ বাবে স্কুলৰ গৰমৰ বন্ধ, তদুপৰি জ্যেষ্ঠসকলেও গৰমৰ দিনকেইটাত দূৰ ভ্রমণ কৰি ভাল পায়৷ আচলতে গৰমৰ দিনকেইটাত আমি নিজকে সুস্থ আৰু সবল কৰি ৰাখিবলৈ যথেষ্ট সুবিধা হয়৷ কিন্তু তথাপি গৰমৰ দিনকেইটাত কিছু সাৱধানতা অৱলম্বন নকৰিলে আমাৰ শৰীৰটোত বিভিন্ন ধৰণৰ সৰু–বৰ ৰোগে দেখা দিয়াৰ সম্ভাৱনা থাকে৷ গৰমৰ দিনকেইটাত সাধাৰণতে দেখা দিয়া প্রধান সমস্যাবিলাক হৈছে প্রখৰ ৰদৰ উত্তাপ, ছালৰ বিভিন্ন ৰোগ, পেটৰ ৰোগ তদুপৰি মহৰ পৰা হোৱা নানান ৰোগ, চিকেন পক্স, মিজলচ, জণ্ডিচ, টায়ফইড, মূৰ বিষ, পানীলগা, কাহ, কঁকাল বিষ ইত্যাদি৷ গৰমৰ দিনকেইটাত হোৱা ছালৰ কর্কট ৰোগত প্রতিবছৰে প্রায় ১০ লক্ষ লোক চিকিৎসকৰ কাষ চাপে৷ তদুপৰি গৰমৰ দিনকেইটাত হিটষ্ট্র’ক এটি গুৰুতৰ সমস্যা আৰু ই যিকোনো লোকৰে হ’ব পাৰে৷ আৰু ই জীৱনৰ বাবেও ভাবুকি স্বৰূপ হব পাৰে৷ গৰমৰ দিনকেইটাত দেখা দিয়া আন এটা প্রধান সমস্যা হৈছে ফুড পইজনিং, ই সাধাৰণতে স্কুলীয়া ছাত্র–ছাত্রীসকলৰ মাজত সঘনাই হোৱা দেখা যায়৷ বিভিন্ন ধৰণৰ বেক্টেৰিয়া, ভাইৰাছ, পেৰাছাইট আদিৰ পৰা এই ৰোগৰ সংক্রমণ হয়৷ তদুপৰি বিভিন্ন ধৰণৰ চকুৰ অসুখ, সূর্যৰ পোহৰৰ পৰা নির্গত হোৱা আলড্রাভায়’লেট ৰশ্মিয়ে আপোনাৰ চকুযুৰিৰ যথেষ্ট ক্ষতি সাধন কৰিব পাৰে৷ সেইবাবে গৰমৰ দিনকেইটাত বাহিৰলৈ ওলাই গ’লে ক’লা চশমা পিন্ধাটো যথেষ্ট প্রয়োজনীয়৷ গৰমৰ দিনকেইটাত দেখা দিয়া আন এটি সমস্যা হৈছে ডিহাইড্রেচন, ই যিকোনো লোকৰে হ’ব পাৰে শিশুৰ পৰা বৃদ্ধলৈ৷ গতিকে গৰমৰ দিনকেইটাত দৈনিক গড়ে ৬–৭ লিটাৰ পর্যন্ত পানী খাব লাগে৷

গৰমৰ দিনকেইটাত দেখা দিয়া প্রধান সমস্যাবিলাকৰ পৰা হাত সাৰিবলৈ তলত কিছুমান উপায় আলোচনা কৰা হল৷

  • গৰমৰ দিনকেইটাত আমি সাধাৰণতে প্রায়েই ভুল কৰোঁ পিয়াহ আৰু ভোকৰ মাজৰ পার্থক্যটো৷ আপুনি যদি খুব পিয়াহত আছে, তেন্তে আপুনি কোনো খাদ্য গ্রহণ নকৰিব আৰু আপুনি যদি অত্যধিক ভোকত আছে তেন্তে আপুনি কেৱল খাদ্যহে গ্রহণ কৰা উচিত৷ পিয়াহ আৰু ভোকৰ মাজৰ পার্থক্যটো বুজিবলৈ চেষ্টা কৰক৷ পানী আমাৰ শৰীৰৰ বাবে অত্যন্ত প্রয়োজনীয় উপাদান, আমাৰ শৰীৰৰ তাপমাত্রা নিয়ন্ত্রণত, ৰক্ত সঞ্চালন নিয়ন্ত্রণত ৰাখিবলৈ হ’লে আৰু লগতে শৰীৰৰ অলাগতিয়াল দূষিত পদার্থখিনি বাহিৰলৈ উলিয়াই পঠিয়াবলৈ হ’লে দেহত যথেষ্ট পানীৰ প্রয়োজন হয়৷ গতিকে গৰমৰ দিনকেইটাত আমি সাধাৰণতে পানী খোৱাৰ পৰিমাণ বৃদ্ধি কৰাটো অতিকে প্রয়োজনীয়৷
  • উচ্চ কেলৰিযুক্ত পানীয় যেনে চদা, এলকহল, আইচ–টি, বিভিন্ন বহুজাতিক কোম্পানীৰ পানীয়, পেকেটযুক্ত বিভিন্ন ফলৰ ৰস আদি সেৱনৰ পৰা পার্যমানে বিৰত থকা উচিত৷ এইবিলাকত প্রিজাৰভেটিভ, অত্যধিক ছুগাৰ, কালাৰিং এজেণ্ট, ফ্লেভাৰিং এজেণ্ট আদি যথেষ্ট পৰিমাণে থাকে যি আমাৰ শৰীৰৰ বাবে উপকাৰী নহয়৷ কাৰণ এইবিলাক হৈছে ভয়াৱহ জণ্ডিচ আৰু কলেৰা ৰোগৰ বাহক৷ তাৰ সলনি গৰমৰ দিনকেইটাত সহজে উপলব্ধ নেমুৰ ৰস খোৱা উচিত৷
  • আপুনি যদি দূৰ ভ্রমণত ওলাইছে তেন্তে আপুনি লগত নিবলগীয়া বস্তুসমূহৰ এখন টোকা প্রস্তুত কৰক, যাতে আপুনি কেতিয়াও বিপদত নপৰে৷ যেনে এযোৰ ছান গ্লাছ, কপাহী টুপী, কপাহী ৰুমাল, পানিৰ বটল, মাল্টি ভিটামিন, প্রয়োজনীয় ঔষধ পাটি, ছান স্ক্রীন, ফেচ ৱাছ, কিতাপ, কপাহি চোলা, ফাৰষ্ট এইড বক্স, আপোনাৰ ম’বাইল ফোন ইত্যাদি৷ ভ্রমণত সদায় পাতল ৰঙীন কপাহী কাপোৰ পৰিধান কৰক, ই আপোনাক সূর্যৰ প্রখৰ ৰশ্মিৰ পৰা বচাব৷ আৰু দিনটোত পর্যাপ্ত পৰিমানে স্নান কৰক ই আপোনাৰ শৰীৰৰ উষ্ণতা নিয়ন্ত্রণত সহায় কৰিব৷
  • গৰমৰ দিনকেইটাত প্রকৃতিয়ে নানান ধৰণৰ ফলমূল আমাক দিয়ে, আৰু আমি ইয়াৰ সদ্ব্যৱহাৰ কৰা উচিত৷ যেনে তৰমুজ, অমিতা, আম, কল আদি বতৰৰ ফলে আমাৰ শৰীটোক ঠাণ্ডা কৰি ৰখাত যথেষ্ট অৰিহণা যোগায়৷ গৰমৰ দিনকেইটাত সাধাৰণতে দেখা দিয়া অসুখবোৰ প্রায়েই পানীৰ পৰাই হয়, গতিকে পৰাপক্ষত পানী উতলাই ঠাণ্ডা কৰি খোৱা উচিত৷ তদুপৰি ৰাস্তাৰ দদাতিৰ জাংক ফুড পৰিহাৰ কৰক আৰু আপোনাৰ সন্তানক এইবোৰৰ পৰা আঁতৰত ৰাখক৷ কাৰণ ডাইছেণ্টৰী ৰোগৰ অন্যতম কাৰণ এই জাংক ফুডবিলাক৷ তদুপৰি গৰমৰ দিনত অত্যধিক মাছ–মাংস পৰিহাৰ কৰক৷ ই আপোনাৰ পাচন পক্রিয়াত ব্যঘাত জন্মায়৷
  • খোজকঢ়াটো আমাৰ শৰীৰৰ বাবে অতিকে প্রয়োজনীয় ব্যায়াম, গতিকে গৰমৰ দিনকেইটাত নিতৌ পুৱা আৰু গধূলি ২–৩ কিঃমিঃমানকৈ খোজকাঢ়ক৷ আজিৰ এই ব্যস্ততাপূর্ণ দিনত নিজকে সুস্থ আৰু সবল কৰি ৰাখিবলৈ হ’লে খোজকঢ়াৰ অভ্যাস গঢ়ি তোলক৷ শৰীৰ আৰু মনৰ মাজত এটা সুদৃঢ় সম্পর্ক স্থাপনৰ লগতে আপোনাক সমস্যাৰে জর্জৰিত এই পৃথিৱীখনৰ লগত অহর্নিশে হাঁহি হাঁহি হেলাৰঙে যুঁজি থাকিবলৈ লগতে সক্রিয়, সজীৱ আৰু প্রাণোচ্ছল কৰি ৰাখিবলৈ হ’লে আমি সকলোৱে খোজকঢ়া অভ্যাস গঢ়ি তোলা উচিত৷ অৱশ্যে গৰমৰ দিনত আপুনি আপোনাৰ সামর্থ্যৰ বাহিৰত খোজ নাকাঢ়িব৷ মাজে মাজে সময় দি অলপ ছাঁত জিৰাওক, লগত খোজকাঢ়ঁোতে আপোনাৰ পানীৰ বটলটো নিবলৈ কেতিয়াও নাপাহৰিব৷ তদুপৰি ছান বার্নৰ পৰা ৰক্ষা পাবলৈ শৰীৰটোক পার্যমানে ঢ়াকি ৰাখক৷ বজাৰত উপলব্ধ ভাল ছানছ ক্রীম ব্যৱহাৰ কৰক আৰু বাহিৰত ওলোৱাৰ আগতে গোটেই গাতে সানি লোৱাটো খুবেই প্রয়োজনীয়৷ আপোনালোকে জানি আচৰিত হ’ব আমেৰিকাত বছৰি গডে প্রায় ৪০০ মানুহে প্রখৰ ৰ’দৰ ফলত মৃতুবৰণ কৰে৷ গতিকে পৰাপক্ষত দিনৰ ১১ বজাৰ পৰা দুপৰীয়া ৪ বজা পর্যন্ত ৰ’দত ওলোৱাটো কমাই দিয়ক৷ আৰু ওলালেও শৰীৰটো ৯০শতাংশ ই ঢ়াকি লওক৷
  • গৰমৰ দিনকেইটাত ৰুগীয়া, বিশেষভাৱে সক্ষম আৰু বৃদ্ধ সকলৰ বাবে বৰ আমনিদায়ক, প্রচণ্ড গৰমৰ ফলত তেওঁলোকে অশেষ কষ্ট স্বীকাৰ কৰিব লগা হয়, গতিকে ৰুগীয়া, বৃদ্ধ সকলক সঘনাই চিকিৎসকৰ পৰামর্শ লৈ ৰখা উচিত৷ আৰু পার্যমানে তেওঁলোকক ঠাণ্ডা ঠাইত ৰাখিব লাগে৷ উপৰিউক্ত নিয়মসমূহ মানি চলিবলৈ চেষ্টা কৰক, দেখিব আপুনি গৰমৰ দিনকেইটাত আৰু অধিক উপভোগ কৰিব পাৰিব আৰু লগতে সুস্থ আৰু সবল হৈ থাকিব পাৰিব৷
You might also like