নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেৰালাত একেটা পৰিয়ালৰে ৫ সদস্যৰ দেহত ক’ৰোনা ভাইৰাছ

নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ কেৰালাৰ একেটা পৰিয়ালৰে ৫জনকৈ সদস্য ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ তথ্য অনুসৰি কেৰালাৰ এই পৰিয়ালটোৰ তিনিজন সদস্য শেহতীয়াকৈ ইটালীৰ পৰা উভতি আহিছিল ৷ ইটালীত ক’ৰোনা ভাইৰাছে মহামাৰীৰ ৰূপ গ্রহণ কৰিছে আৰু দুই শতাধিক লোকে প্রাণ হেৰুৱাইছে ৷ বিদেশী ৰাষ্ট্রখনৰ পৰা ঘূৰি অহা পৰিয়ালটোৰ তিনি সদস্যৰ শৰীৰত ক’ৰোনা ভাইৰাছে থিতাপি লোৱাৰ কথা পৰৱর্তী সময়ত ধৰা পৰে ৷ এওঁলোকৰ মাজত আছে এটি শিশু ৷ কেৰালাৰ স্বাস্থ্যমন্ত্রী কে কে শৈলাজাই জনোৱা মতে, ইটালীৰ পৰা ঘূৰি অহাৰ পাছত পৰিয়ালটোৱে যাত্রাৰ সবিশেষ তথ্য প্রদান কৰা নাছিল ৷ যাৰ বাবে তেওঁলোকক পৰীক্ষাও কৰোৱা নহ’ল ৷ পৰিয়ালটোৰ সদস্যসকলে চিকিৎসাধীন হ’বলৈ ইচ্ছা প্রকাশ কৰা নাছিল যদিও অৱশেষত তেওঁলোকক বাধ্য কৰোৱা হৈছে ৷ উল্লেখ্য যে ইটালীৰ পৰা ওভতাৰ পাছত এই সদস্যকেইজনে আত্মীয়–স্বজনকো সাক্ষাৎ কৰিছিল ৷ বর্তমান কেউজন আক্রান্তকে আইছ’লেচন ৱার্ডত পৃথককৈ ৰখা হৈছে ৷ ইফালে তামিলনাডুতো এজন লোক ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ শনিবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এখন পর্যবেক্ষণ বৈঠক অনুষ্ঠিত কৰে ৷ এই বৈঠকত বিষয়াসকলৰ সৈতে ক’ৰোনা ভাইৰাছ সংক্রমণ সন্দর্ভত আলোচনা কৰে আৰু ৰোগীক পৃথককৈ ৰখাৰ বাবে সুবিধা সৃষ্টিৰে স্থান নির্বাচন কৰি তেওঁলোকৰ প্রয়োজনীয় চিকিৎসা আৰু তত্ত্বাৱধান ল’বলৈ তেওঁ নির্দেশ দিয়ে ৷ ইফালে ক’ৰোনা ভাইৰাছত ভীষণভাৱে আক্রন্ত ইৰাণত আবদ্ধ হৈ আছে ২২জনকৈ ভাৰতীয় নাগৰিক ৷ এইসকল লোকে ভাৰত চৰকাৰক আহ্বান জনাইছে যাতে তেওঁলোকক সোনকালে দেশখনৰ পৰা উদ্ধাৰ কৰি ভাৰতলৈ ঘূৰাই আনিব পাৰে ৷ শেহতীয়াকৈ জানিব পৰা মতে, বিদেশ মন্ত্রী এছ জয়শংকৰে সোনকালে এই বিষয়ত পদক্ষেপ ল’ব বুলি জানিবলৈ দিছে ৷ উল্লেখ্য যে বিশ্বজুৰি ন’ভেল ক’ৰোনা ভাইৰাছত এতিয়ালৈকে ৩,৫০০কৈও অধিক লোকে প্রাণ হেৰুৱাইছে আৰু কমেও এক লাখ লোক আক্রান্ত হৈছে ৷

You might also like