ক’ৰোনাক তীব্ৰ প্ৰত্যুত্তৰ, ফাকুৰ ৰঙত ৰঙীন দেশবাসী
নিয়মীয়া বাৰ্তা ১০ মাৰ্চঃ সমগ্ৰ বিশ্বতে ত্ৰাসৰ আন এটা নাম ক’ৰোনা ভাইৰাছ। ভাৰততো ক’ৰোনা আতংক বিৰাজ কৰিছে। দেশত এতিয়ালৈকে ৪৭ জন ক’ৰোনাত আক্ৰান্ত হোৱাৰ পিছতো ৰঙৰ উৎসৱ ফাকুৱাৰ উৎসাহ কম হোৱা নাই। আজি সমগ্ৰ দেশবাসী ফাকুৱৰ ৰঙত মতলীয়া হৈ আছে। কিন্তু আশংকা প্ৰকাশ কৰা হৈছিল যে ক’ৰোনাই ৰঙৰ উৎসৱত বাধা প্ৰদান কৰিব পাৰে।
কেন্দ্ৰীয় স্বাথ্য আৰু পৰিয়াল মন্ত্ৰালয়ে দেশবাসীক ফাকুৱাৰ শুভকামনা প্ৰদান কৰাৰ লগতে ক’ৰোনা ভাইৰাচৰ বাবে সাৱধানতা অৱলম্বন কৰিবৰ বাবেও আবেদন কৰিছে।
Good morning and Happy Holi!
As we enjoy the colourful festival of #Holi, simple steps will protect us and others from #COVID19. #SwasthaBharat #HelpUsHelpYou pic.twitter.com/xJ14yri0pS
— Ministry of Health (@MoHFW_INDIA) March 10, 2020