নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ সমগ্ৰ বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা ক’ৰোনাৰ সংক্ৰমণৰ বাবে কৰ্ণাটক চৰকাৰে লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।
কৰ্ণাটকৰ মহিলা আৰু শিশু কল্যাণ মন্ত্রণালয়ে ৰাজ্যখনৰ সমূহ অংগণবাদী কেন্দ্ৰ অহা ৭ দিনলৈ বন্ধৰ ঘোষণা কৰিছে ।
Karnataka: Woman and Child Welfare Ministry announces 7-days holiday for Anganwadis in the State. #coronavirus
— ANI (@ANI) March 9, 2020
উল্লেখ্য যে ভাৰতত এতিয়ালৈকে ৪৩ জন লোক ক’ৰোনাত আক্ৰান্ত হোৱাৰ ঘটনা পোহৰলৈ আহিছে । যাৰ বেছিসংখ্যকেই বিদেশী পৰ্যটক অথবা বিদেশ ভ্ৰমণ কৰি স্বভূমিলৈ উভতি অহা লোক বুলি জানিব পৰা গৈছে ।