নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণেশ চতুর্থীত হনুমানৰ ভাও দি মঞ্চতে শেষ নিশ্বাস শিল্পীৰ

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ: গণেশ চতুর্থী উপলক্ষে হনুমান ভাওনাৰ আয়োজন কৰা হৈছিল৷ সেই ভাওনা উপভোগ কৰি আছিল শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে৷ ভাও দি থকা অৱস্থাতে মঞ্চত হঠাতে বহি পৰে হনুমান৷ তাৰ পাছত মঞ্চতে শুই দিয়ে৷ মঞ্চৰ সন্মুখত বহি থকা দর্শকসকলে হনুমানৰ এই ভাও দেখি হাত চাপৰি বজাই উল্লাস প্রদর্শন কৰি থাকে৷ দর্শকসকলে ভাবিছিল যে এয়া হনুমানৰ নাটকৰেই দৃশ্যৰ অংশ৷ সন্মুখত দর্শকৰ হাত চাপৰি আৰু মঞ্চত হনুমানৰ ছটফটনি৷ লাহে লাহে স্থিৰ হৈ আহে হনুমান৷ তেতিয়াও মঞ্চৰ সন্মুখৰ পৰা দর্শকসকলে হাত চাপৰি বজাই আছিল৷ হনুমানৰ পোছাকৰ আঁৰত থকা অভিনেতাজনে ইতিমধ্যে শেষ নিশ্বাস ত্যাগ কৰিছে যে সেই কথা সহশিল্পী তথা উদ্যোক্তাসকলেও বুজিবলৈ সক্ষম হোৱা নাছিল৷ ইয়াৰ মাজতে মঞ্চৰ ওচৰত থকা এজন লোকে হনুমানক হাতেৰে ঠেলি দিয়ে৷ কিন্তু হনুমানে লৰচৰ নকৰিলে৷ কিছু সময় পাছত উদ্যোক্তাসকলৰ সন্দেহ হয়৷ দুজন ব্যক্তিয়ে আহি হনুমানক উঠোৱাৰ চেষ্টা কৰিহে উপলব্ধি কৰে যে হনুমানৰূপী অভিনেতাৰ ইতিমধ্যে মৃত্যু হৈছে৷ এই মর্মান্তিক ঘটনাটো ঘটিছে উত্তৰ প্রদেশৰ মেইনপুৰীত৷ মেইনপুৰীৰ শিৱমন্দিৰত হনুমানক লৈ নাটক মঞ্চস্থ হৈছিল৷ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি মৃত হনুমানৰূপী শিল্পীৰ নাম ৰবি শর্মা৷

You might also like