নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ যোৱা বছৰ ২০২২ চনত ৰাজপথৰ নাম কৰ্তব্য পথলৈ সলনি হোৱাৰ পিছত এইটোৱেই প্ৰথম গণৰাজ্য দিৱস। দিল্লীৰ কৰ্তব্য পথত প্ৰতি বছৰে অনুষ্ঠিত হোৱা গণৰাজ্য দিৱসৰ পেৰেড চাবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ লোকৰ আগমণ ঘটে।
এইবাৰ গণৰাজ্য দিৱস উদযাপনত ৫০খন বিমানে অংশগ্ৰহণ কৰিব। ইয়াত ৯খন ৰাফেল আৰু নেভিৰ IL-38ৰ প্ৰদৰ্শন কৰা হ’ব। যি প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে। ভাৰতীয় বায়ুসেনাৰ এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে, IL-38 নৌসেনাৰ এখন সামুদ্ৰিক গোপনীয় বিমান। ই ৪২ বছৰে দেশৰ বাবে সেৱা আগবঢ়াইছে। ইয়াক প্ৰথম আৰু শেষবাৰৰ বাবে গণৰাজ্য দিৱস উদযাপনত প্ৰদৰ্শন কৰা হ’ব। ই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলগীয়া ৫০খন বিমানৰ ভিতৰত হ’ব। এই ৫০খন বিমানত ৪খন সেনাৰ বিমানকো অন্তৰ্ভুক্ত কৰা হ’ব।
সংবাদমেলত ভাৰতীয় বায়ুসেনাই আই এ এফৰ মডেল মুকলি কৰে। যিটো গণৰাজ্য দিৱসৰ পেৰেডত প্ৰদৰ্শিত হ’ব।