নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোপালনেৰে দৈনিক ওঠৰ-বিশ হাজাৰ টকা উপাৰ্জন আজিজুল হকৰ

নিয়মীয়া বাৰ্তা,১৯ জানুৱাৰী: চৰকাৰী চাকৰি কিম্বা চহৰত থাকি নহয়, গাঁৱত থাকি নিজ গৃহৰ পৰাই দুগ্ধ উৎপাদনেৰে নিতৌ ১৮-২০ হাজাৰ টকা পৰ্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হোৱা এগৰাকী যুৱকৰ সফলতাৰ যাত্ৰাই সকলোৰে মনলৈ আশাৰ বতৰা কঢ়িয়াইছে | নগৰবেৰা অঞ্চলৰ ছমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ১নং যোগীপাৰা গাঁৱৰ আদৰ্শ কৃষক আজিজুল হকে আজিৰে পৰা প্ৰায় ২৫ বছৰৰ পূৰ্বে এজনী গাই পুহিছিল আৰু এজনী গাইগৰুৰ পৰা আজি দুটাকৈ গোহালি ভৰ্ত্তি ৩১ জনীকৈ উন্নত প্ৰজাতিৰ গাইগৰু |
গাই পুহি নিতৌ ৩৫০ লিটাৰৰ পৰা ৪০০ লিটাৰ পৰ্যন্ত গাখীৰ বিক্ৰী কৰি আহিছে গোপালক আজিজুল হকে,অৰ্থাৎ নিতৌ ৩০০লিটাৰ কৈ হ’লেও ৬০টকা হিচাপত উপাৰ্জন হয় ১৮ হাজাৰ টকা ,তেনেস্থলত নিঃসন্দেহে চৰকাৰী চাকৰিতকৈ অধিক টকা হাতলৈ আহে যুৱ কৃষক গৰাকীৰ |
মুঠতে খৰচ খিনি বাদ দি প্ৰতি মাহে দুই-তিনি লাখ টকা পৰ্যন্ত দুগ্ধ উৎপাদনেৰে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে তেওঁ আৰু আৰ্থিক ভাবে যঠেষ্ট স্বাৱলম্বী হৈ উঠিছে পৰিয়ালটো |ৰাজ্যখনৰ বহু শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ বাবে আজিজুল হক নিঃসন্দেহে এক আদৰ্শ হ’ব পাৰে ,কিয়নো চৰকাৰী চাকৰিয়েই নহয় ,ধৈৰ্য ,সাহস আৰু একাগ্ৰতা থাকিলে বৈজ্ঞানিক ভিত্তিত কৰা গোপালনো নিঃসন্দেহে হ’ব পৰে স্বাৱলম্বিতাৰ এক শক্তিশালী বুনিয়াদ ,উদাহৰণ আজিজুল হক !গাখীৰৰ উপৰি দৈ ,ক্ৰীম ,পনিৰ ,ঘি আদিও ঘৰতে প্ৰস্তুত কৰি বহু টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে তেওঁ ,বহুজনক নিজৰ কৰ্মক্ষেত্ৰত দিছে সংস্থাপনো।

প্ৰেৰক-সঞ্জীৱ কুমাৰ দাস/নগৰবেৰা

You might also like