নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিৱিষ্ট ৬ বছৰীয়া কনমানিৰ

নিউজডেস্ক, ২২ নৱেম্বৰঃ এটি বিস্ময় শিশু । যাক লৈ এতিয়া সৰৱ চৰ্চা সকলোতে । চাৰাহ নামৰ তামিলনাডুৰ মাত্ৰ ৬ বছৰ বয়সতে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে এইগৰাকী  বিস্ময় বালিকাই । তামিলনাডু কিউব এছোচিয়েশ্যনে ইতিমধ্যে এই ৬ বছৰীয়া চাৰাহক ‘বিশ্বৰ সবাতোকৈ কম বয়সীয়া ৰুবিকছ কিউব’ সমাধান কৰা খেলুৱৈ বুলি স্বীকৃতি প্ৰদান কৰিছে । উল্লেখ্য যে চাৰাহে মাত্ৰ ২ মিনিট ৭ ছেকেণ্ডত ২*২ ৰুবিকছ কিউব সমাধান কৰি গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম সন্নিৱিষ্ট কৰে ।

গীনিজ ৱৰ্ল্ড ৰেকৰ্ড সন্মানৰ সৈতে চাৰাহ

ইপিনে আচৰিত ভাৱে এইগৰাকী চাৰাহ নামৰ কনমানিয়ে চকু বন্ধ কৰি সমাধান কৰে ৰুবিকছ কিউব । লগতে মুখেৰে কবিতা গোৱাৰ বিপৰীতে একে সময়তে হাতেৰে সমাধান কৰি যায় ৰুবিকছ কিউব । যি কি নহওক মাত্ৰ ৬ বছৰ বয়সতে কনমানিগৰাকীৰ এই প্ৰতিভা দেখি সকলোৱে এতিয়া একেমুখে প্ৰশংসা কৰিছে ।

You might also like