- মেৰামতিৰ ৫ দিন পাছত মুকলি কৰা হৈছিল মোৰবি জিলাৰ গুৰুত্বপূর্ণ ওলমা সেতু
- উদ্ধাৰ অভিযান ক্ষিপ্রতৰ কৰাৰ নির্দেশ প্রধানমন্ত্রীৰ
নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰ: মাচ্চু নৈৰ ওপৰত থকা গুজৰাটৰ ১৪৩ বছৰীয়া ঐতিহ্য ওলমা দলং ‘জুল্টো পুল’ত সংঘটিত এক শোকাৱহ দুর্ঘটনাই দেশজুৰি পেলাইছে বিষাদৰ ছাঁ৷ দেওবাৰে সন্ধিয়া প্রায় ৬.৪০ বজাত ৰাজ্যখনৰ মোৰবিত থকা ব্রিটিছৰ আমোলৰ এই ওলমা দলংখন ভাগি পৰাৰ ফলত শতাধিক লোক মৃত্যুমুখত পৰাৰ আশংকা কৰা হৈছে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল যে শোকাৱহ দুর্ঘটনাটোত প্রাণহানি ঘটা গৰিষ্ঠসংখ্যকেই মহিলা আৰু শিশু৷
সংবাদ প্রতিষ্ঠান পি টি আইৰ বাতৰি অনুসৰি যি সময়ত দুর্ঘটনাটো সংঘটিত হৈছিল, সেই সময়ত ওলমা দলংখনৰ ওপৰত আছিল ৫০০তকৈও অধিক লোক৷ মূলতঃ ভৰ সহিব নোৱাৰিয়েই প্রায় ডেৰ শতিকা প্রাচীন ‘জুল্টো পুল’ দুটুকুৰা হৈ ভাঙি পৰে৷ অৱশ্যে কি কাৰণত ওলমা দলংখন ভাঙি পৰিল, সেই কথা এতিয়ালৈকে নিশ্চিত হোৱা নাই৷ এই সন্দর্ভত ইতিমধ্যে গুজৰাট চৰকাৰৰ তৰফৰ পৰা তদন্ত ঘোষণা কৰা হৈছে৷ এখন পাঁচজনীয়া কমিটীয়ে সমগ্র বিষয়টোৰ তদন্ত কৰিব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ আৰু গুজৰাটৰ মুখ্যমন্ত্রী ভূপেন্দ্র পেটেলৰ তৎপৰতাত তাৎক্ষণিকভাৱে মাচ্চু নদীত আৰম্ভ হৈছে উদ্ধাৰ অভিযান৷
স্থানীয় আৰক্ষী তথা উদ্ধাৰকাৰী দলৰ সমান্তৰালভাৱে এনডিআৰএফৰ তিনিটা দল গান্ধীনগৰ, বদোদৰাৰ পৰা ৰাওনা হোৱা বুলি সদৰী কৰিছে সংস্থাটোৰ সঞ্চালকপ্রধান অতুল কাৰোৱালে৷ অভিযানকাৰী দলে দুর্ঘটনাত বহুসংখ্যকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও বর্তমান পর্যন্ত ১০০জনতকৈও অধিক লোক নিৰুদ্দিষ্ট হৈ থকা বুলি সংবাদ প্রতিষ্ঠানৰ বাতৰিত প্রকাশ৷ মোৰবিৰ এই শোকাৱহ দুর্ঘটনাত ৰাষ্ট্রপতি দ্রৌপদী মুর্মু, উপ–ৰাষ্ট্রপতি জগদীপ ধানখড়, প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহকে ধৰি বিভিন্নজনে গভীৰ শোক প্রকাশ কৰিছে৷
প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে তাৎক্ষণিকভাৱে প্রধানমন্ত্রীৰ ৰাষ্ট্রীয় সাহায্য পুঁজিৰ পৰা মৃতসকলৰ নিকটাত্মীয়লৈ দুই লাখ টকাকৈ আৰু আহতসকললৈ ৫০ হাজাৰ টকাকৈ সাহায্য ঘোষণা কৰিছে৷ সাহায্য ঘোষণা কৰাৰ উপৰি ঘটনাৰ খবৰ পোৱাৰ পাছতে গুজৰাটৰ মুখ্যমন্ত্রী ভূপেন্দ্র পেটেলৰ পৰা টেলিফোনযোগে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সমগ্র পৰিস্থিতিৰ বুজ লয়৷ সেইদৰে গুজৰাটৰ মুখ্যমন্ত্রী ভূপেন্দ্র পেটেলে মৃতসকলৰ নিকটাত্মীয়ক ৪ লাখ টকাকৈ আৰু আহতসকলৰ নিকটাত্মীয়লৈ ৫০ হাজাৰ টকাকৈ আগবঢ়াইছে ক্ষতিপূৰণ৷
উল্লেখ্য যে ভাগি পৰা মাচ্চু নৈৰ ওপৰত থকা ওলমা দলংখন আছিল দৰবাৰগড় আৰু নজৰবাগ সংযোগী৷ ১৮৭৯ চনৰ ২০ ফেব্রুৱাৰীত ব্রিটিছ আমোলৰ মুম্বাইৰ গৱর্নৰ ৰিছার্ড টেম্প’লে ৭৬৫ ফুট দৈঘ্যৰ এই ওলমা দলংখন উদ্বোধন কৰিছিল৷ মোৰবিৰ তদানীন্তন ইংৰাজ শাসক ছাৰ ৱাঘজীয়ে সাত সাগৰ তেৰ নদীৰ সিপাৰৰ ইংলেণ্ডৰ পৰা সামগ্রী আনি নির্মাণ কৰা ‘জল্টো পুল’ স্বাধীন ভাৰতৰ গুজৰাটত পর্যটকৰ অন্যতম আকর্ষণৰ কেন্দ্রবিন্দু হৈ পৰে৷ কিন্তু মেৰামতিৰ পৰিপ্রেক্ষিতত বিগত প্রায় দুবছৰ ধৰি ওলমা দলংখনেৰে যাতায়াত বন্ধ কৰি ৰখা হৈছিল৷
শেহতীয়াকৈ গুজৰাটী নৱবর্ষৰ লগত সংগতি ৰাখি যোৱা ২৬ অক্টোবৰত অর্থাৎ মাত্র পাঁচ দিন পূর্বে অৰেভা গ্রুপ নামৰ ব্যক্তিগত খণ্ডৰ প্রতিষ্ঠানটোৱে ওলমা দলংখন যাতায়াতৰ বাবে মুকলি কৰি দিয়ে৷ সাধাৰণতে ওলমা দলংখনৰ স্বত্ব মোৰবি পৌৰ নিগমৰ যদিও এক বুজাবুজি চুক্তিৰ মাধ্যমেৰে ইয়াৰ চোৱাচিতা তথা সঞ্চালনৰ দায়িত্ব এই ব্যক্তিগত খণ্ডৰ প্রতিষ্ঠানটোৰ হাতত ন্যস্ত কৰা হৈছিল৷ উত্থাপিত অভিযোগ অনুসৰি ওলমা দলংখনৰ মেৰামতিৰ কাম অতি নিম্নমানৰ হোৱা বাবেই শোকাৱহ দুর্ঘটনাটো সংঘটিত হয়৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– মোৰবি পৌৰ নিগমে মেৰামতি সম্পন্ন হোৱাৰ পাছত আনুষ্ঠানিকভাৱে প্রমাণ–পত্র প্রদান কৰা নাছিল৷ এই সন্দর্ভত মোৰবি পৌৰ নিগমৰ মুখ্য কার্যবাহী বিষয়া সন্দীপসিং জালাই এক গুৰুত্বপূর্ণ মন্তব্য কৰিছে৷ তেওঁ কয় যে ওলমা দলংখন মোৰবি পৌৰ নিগমৰ সম্পত্তি যদিও কিছুমাহ পূর্বে ইয়াৰ দায়িত্বভাৰ অৰেভা গ্রুপৰ হাতত ন্যস্ত কৰা হৈছিল৷ ব্যক্তিগত খণ্ডৰ প্রতিষ্ঠানটোক ১৫ বছৰৰ বাবে দিয়া হৈছিল ওলেমা দলংখনৰ দায়িত্ব৷ অৰেভা গ্রুপে পর্যটক তথা দর্শনার্থীৰ বাবে কিছুদিন পূর্বে ওলমা দলংখন মুকলি কৰি দিয়ে৷ কিন্তু এই সন্দর্ভত সুৰক্ষামূলক পৰীক্ষা তথা প্রতিবেদন জাৰি কৰা হোৱা নাছিল৷
উদ্ধাৰ অভিযানৰ এক দৃশ্য-
#WATCH | Gujarat: Drones being used to help in the search and rescue operation in Morbi, following the incident of #MorbiBridgeCollapse
The death toll stands at 132, operation is underway. pic.twitter.com/qlA8BCtnva
— ANI (@ANI) October 31, 2022