নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মালিগাঁও–পল্টনবজা ৰেল ষ্টেচনৰ দাতিত মুকলিকৈ সুৰাৰ আড্ডা

ৰে’ল আলি–বস্তি অঞ্চলত বৃদ্ধি অসামাজিক কার্যকলাপ

নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰ: গুৱাহাটী মহানগৰীৰ মাজেৰে পাৰ হৈ যোৱা ৰে’লআলিৰ দুয়োকাষে গঢ়ি উঠা বস্তি অঞ্চলত বৃদ্ধি পাইছে অনৈতিক কার্যকলাপ৷ ৰে’লপথৰ দাঁতিৰ জুপৰিসমূহত দিনে–নিশাই অসামাজিক কার্যকলাপ চলি থকাৰ পাছতো ৰে’ল আৰক্ষীয়ে ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে৷ মহানগৰীৰ মালিগাঁও–পল্টনবজা ৰে’লৱে কলনী, নাৰেংগী আৰু ঠাকুৰকুছি ৰে’ল ষ্টেচনৰ সমীপত ৰে’ল আলিৰ কাষত অবৈধভাৱে গঢ়ি উঠা জুপুৰিসমূহত মুকলিকৈ সুৰা আৰু ড্রাগছৰ আড্ডা পাতি একাংশই পৰিৱেশ বিনষ্ট কৰিছে৷ ৰে’ল আলিৰ কাষত থকা এই জুপুৰিসমূহত কেৱল মদ আৰু ড্রাগ্ছৰ প্রচলনেই নহয় ইয়াৰ সমান্তৰালকৈ জুপুৰিসমূহত চলিছে লাখ লাখ টকাৰ জুৱা৷ ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে বহিঃৰাজ্যৰ পৰা অহা জুৱাৰী আৰু দাগী অপৰাধী চক্রই ৰে’লৱেৰ ভূমিত গঢ়ি উঠা এই অবৈধ জুপুৰিসমূহত বাহৰ পাতি নিতৌ লাখ লাখ টকাৰ জুৱা চলাই আহিছে৷

তদুপৰি এই জুপৰিসমূহত আন একাংশই নাৰী দেহ ব্যৱসায়ৰ লগত জড়িত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ মহানগৰীত সংঘটিত চুৰি–ডকাইতি আৰু হত্যা–হিংসাকে ধৰি অন্যান্য অপৰাধজনিত ঘটনাৰ বহু দাগী–পৰাধী আনকি এই জুপুৰীসমূহত আত্মগোপন কৰি থকাৰো অভিযোগ উত্থাপন হৈছে৷ মহানগৰীত সংঘটিত হোৱা এনে অপৰাধ নিয়ন্ত্রণৰ প্রতি লক্ষ্য ৰাখি উত্তৰ–পূব সীমান্ত ৰে’ল কর্তৃপক্ষৰ নির্দেশমর্মে আৰক্ষীয়ে প্রশাসনৰ সহযোগত সময়ে সময়ে এই জুপুৰিসমূহ উচ্ছেদ কৰি আহিছে যদিও উচ্ছেদৰ দুই–এদিনৰ পিছতে পুনৰ জুপুৰি সাজি এইসকল লোকে বাস কৰা পৰিলক্ষিত হৈছে৷ বিশেষকৈ ঠাকুৰকুছি ৰে’লৱে ষ্টেচনত দিনে–নিশাই সুৰাৰ আড্ডা পাতি উদণ্ড লোকে পৰিৱেশ বিনষ্ট কৰিছে৷ ষ্টেচনৰ কাষতে বহি সুৰা সেৱন কৰাৰ লগতে একাংশ ৰে’ল কর্মচাৰীৰ সহযোগত ষ্টেচনত মুকলিকৈ জুৱাৰ আড্ডা পাতিছে বহিঃ ৰাজ্যৰ পৰা অহা জুৱাৰী চক্রই৷ এই ঘটনা ৰে’ল আৰক্ষীয়ে দেখিও চকু মুদা কুলিৰ ভাও জুৰা পৰিলক্ষিত হৈছে৷ ইপিনে নাৰেংগী তথা নিউ গুৱাহাটী ৰে’লৱে ষ্টেচনৰ সমীপতো জুৱাৰী চক্রই মুকলিকৈ জুৱাৰ আড্ডা পতাৰ সমান্তৰালকৈ অবৈধভাৱে সুৰা বিক্রী কৰি আহিছে৷ এক কথাত গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰে পাৰ হৈ যোৱা ৰে’ল আলিৰ দুয়োকাষে গঢ় লৈ উঠা জুপুৰিসমূহ অসামাজিক কার্যকলাপৰ ঘাটিত পৰিণত হৈছে৷ আগন্তুক দিনত এইসমূহ অপৰাধী চক্রৰ বিৰুদ্ধে উত্তৰ–পূব সীমান্ত ৰে’লৱে কর্তৃপক্ষই কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like