নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৃহমন্ত্রীৰ সন্মুখত স্বামী হত্যাৰ কথা স্বীকাৰ এগৰাকী মহিলাৰ

নিউজডেস্ক, ২৫ ডিচেম্বৰঃ হাৰিয়ানাত এগৰাকী মহিলাই ৰাজ্যখনৰ গৃহমন্ত্ৰী অনিল বিজক এখন পত্ৰ প্ৰদান কৰি দুবছৰ পূৰ্বে নিজৰ স্বামীক হত্যা কৰাৰ কথা স্বীকাৰ কৰে । লগতে তেওঁ এই হত্যাৰ অপৰাধত ফাঁচিৰ শাস্তি পাবলৈ আশা কৰাৰ কথাও পত্ৰখনত উল্লেখ কৰে ।

ইপিনে আৰক্ষীয়ে জনোৱা মতে সেইসময়ত মহিলাগৰাকীৰ স্বামীৰ মৰণোত্তৰ পৰীক্ষাত একো সন্দেহ পোৱা নাছিল যদিও বৰ্তমান মহিলাগৰাকীৰ পত্ৰখনৰ ভিত্তিতে এক গোচৰ ৰুজু কৰিছে ।

আম্বালাৰ আৰক্ষী অধিক্ষক অভিষেক জোৰৱালে জনাইছে যে- প্রয়াত অতিৰিক্ত আৰক্ষী অধিক্ষক ৰোহতাছ সিঙৰ পত্নী সুনীল কুমাৰীয়ে সোমবাৰে হাৰিয়ানাৰ গৃহমন্ত্ৰী অনিল বিজক তেওঁৰ বাসভৱনত সাক্ষাত কৰি এই পত্ৰখন প্ৰদান কৰিছিল ।

উল্লেখ্য যে চিঠিখনত উল্লেখ থকা অনুসৰি ২০১৭ চনৰ ১৫ জুলাইৰ দিনা প্রয়াত অতিৰিক্ত আৰক্ষী অধিক্ষক ৰোহতাছ সিঙে নিচাসক্ত হৈ ঘৰ সোমাইছিল আৰু পত্নী সুনীল কুমাৰীক গালি-গালাজ কৰিবলৈ লয় । সেই সময়তে সিং তলত পৰি গৈছিল । সেই সুযোগতে পত্নী সুনীল কুমাৰীয়ে স্বামীক এখন কাপোৰেৰে ডিঙিত মেৰিয়াই হত্যা কৰিছিল বুলি আৰক্ষী অধিক্ষক অভিষেক জোৰৱালে প্ৰকাশ কৰে ।

You might also like