নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চলিত বর্ষত ছির্ডি সাইবাবা মন্দিৰলৈ ভক্তৰ ২৮৭ কোটি বৰঙণি

দেশ–বিদেশৰ পৰা আহিল সোণ, ৰূপৰ অলংকাৰ

নিয়মীয়া বাৰ্তাঃ ৩১ ডিচেম্বৰঃ ছির্ডি সাইবাবা মন্দিৰে চলিত বর্ষটোত লাভ কৰা বৰঙণিয়ে পূর্বৰ অভিলেখ ভংগ কৰিছে৷ ২০১৯ বর্ষটোত এই মন্দিৰটোলৈ ভক্তপ্রাণ ৰাইজে দান হিচাপে আগবঢ়াইছে ২৮৭ কোটি টকা৷ মন্দিৰটোলৈ মানী অর্ডাৰ হিচাপে আহিছে ২ কোটি ১৭ লাখ ৮৩ হাজাৰ ৫১৫ টকা৷ ইফালে, ডেবিদ আৰু ক্রেডিট কার্ডেৰে বিভিন্নজনে আগবঢ়াইছে ১৭ কোটি ৫৯ লাখ ১১ হাজাৰ ৪২৪ টকা৷ অনলাইনেৰে মন্দিৰ কর্তৃপক্ষই লাভ কৰিছে ১৬ কোটি ২ লাখ ৫১ হাজাৰ ৬০৬ টকা৷ ইফালে, সোণ আৰু ৰূপৰ বিভিন্ন অলংকাৰো বৰঙণি হিচাপে লাভ কৰিছে মন্দিৰটোৱে৷ বর্ষটোত ১৯,০৪৮.৮৬ গ্রাম সোণ আৰু ৩,৯১,৭৫৭.৪৭ গ্রাম ৰূপ মন্দিৰটোলৈ আগবঢ়াইছে দেশ–বিদেশৰ ভক্তই৷ উল্লেখনীয় যে মন্দিৰটোলৈ গোপনে বৰঙণি হিচাপে আহিছে ১৫৬ কোটি ৪৯ লাখ ২ হাজাৰ ৩৫০ টকা৷ চলিত বর্ষত ছির্ডি সাইবাবা মন্দিৰে লাভ কৰা দান–বৰঙণিয়ে পূর্বৰ সকলো অভিলেখ ভংগ কৰিছে৷ উল্লেখনীয় যে চলিত বর্ষৰ ১ জানুৱাৰীৰ পৰা ২২ ডিচেম্বৰলৈ লাভ কৰা এই বৰঙণিৰ হিচাপ মুকলি কৰিছে মন্দিৰ কর্তৃপক্ষই৷