জম্মু–কাশ্মীৰত যুদ্ধবিৰতি উলংঘনঃ ২ পাক সেনাক গুলীয়াই হত্যা
নিউজডেস্ক, ২২ ডিচেম্বৰঃ জম্মু আৰু কাশ্মীৰত যুদ্ধবিৰতি উলংঘন কৰা দুই পাকিস্তানী সেনাক ভাৰতীয় সেনাবাহিনীয়ে শনিবাৰে গুলীয়াই হত্যা কৰে৷
ৰাজ্যখনৰ সুন্দৰবনি ছেক্টৰত পাকিস্তানী সেনাই ধাৰাসাৰ গুলীবর্ষণ আৰু মর্টাৰ নিক্ষেপেৰে যুদ্ধবিৰতি উলংঘন কৰি থকাৰ সময়তে ভাৰতীয় সেনাই তেওঁলোকক শক্তিশালী প্রত্যুত্তৰ আগবঢ়ায়৷
দুয়োপক্ষৰ সংঘর্ষত দুই পাকিস্তানী সেনা নিহত হয় বুলি প্রতিৰক্ষা মন্ত্রালয়ৰ সূত্রই সদৰী কৰিছে৷
ইয়াৰ পূর্বে পাকিস্তানী সেনাই শুকুৰবাৰৰ পৰা পাক অধিকৃত কাশ্মীৰ (পি’কে) কাশ্মীৰৰ নিলাম উপত্যকতাত ধাৰাসাৰ গুলীবর্ষণ আৰু মর্টাৰ নিক্ষেপেৰে যুদ্ধবিৰতি উলংঘন কৰি আহিছে৷ ভাৰতে ইয়াৰ প্রত্যুত্তৰ আগবঢ়াইছে আৰু দুয়োপক্ষৰ মাজত এতিয়াও সংঘর্ষ অব্যাহত আছে৷
ইফালে, ভাৰতীয় সেনাৰ সূত্রই শনিবাৰে অভিযোগ কৰা অনুসৰি জম্মু আৰু কাশ্মীৰৰ পালানৱালা ছেক্টৰেৰে পাকিস্তানে ঘনকুঁৱলীৰ সুযোগ লৈ সন্ত্রাসবাদীক ভাৰতত প্রৱেশৰ চেষ্টা চলাই আছে৷
উল্লেখ্য যে নিয়ন্ত্রণ ৰেখাত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন বৃদ্ধি পোৱাৰ প্রতি লক্ষ্য ৰাখি ভাৰতীয় সেনাৰ মুৰব্বী বিপিন ৰাৱটে তিনি দিন পূর্বে কাশ্মীৰ উপত্যকা ভ্রমণ কৰিছিল৷