নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ আর্থিক মন্দাৱস্থাৰ পৰা মুক্ত হোৱা বাবে কেন্দ্রীয় চৰকাৰে পদক্ষেপ গ্রহণ কৰি থকাৰ মাজতে জানুৱাৰী মাহত নির্মাণখণ্ডত উৎপাদন বৃদ্ধি পাইছে৷ ২০১৯ বর্ষৰ ডিচেম্বৰৰ তুলনাত চলিত বর্ষৰ জানুৱাৰীত নির্মাণখণ্ডৰ কার্যকলাপ বৃদ্ধি পাই ৫৩.৩ শতাংশ বৃদ্ধি হৈছে৷ আন্তঃৰাষ্ট্রীয় ব্যক্তিগত সংস্থা আই এইচ এছ মার্কিটৰ দ্বাৰা চলোৱা সমীক্ষাত ভাৰতত নিক্কে মেনুফেক্সাৰিং পার্ছেজিং মেনেজাৰ ইনডেস্ক (পি এম আই) ৫৩.৩ শতাংশলৈ বৃদ্ধি পাইছে৷ ২০১৯ৰ ডিচেম্বৰত পি এম আই আছিল ৫২.৭ শতাংশ৷ জানুৱাৰীত পি এম আই ২০১২ চনৰ পাছত সর্বাধিক, অর্থাৎ প্রায় ৮ বছৰৰ ভিতৰত সর্বাধিক জানুৱাৰীৰ পি এম আই ৫৩.৩ শতাংশ৷
উল্লেখ্য যে যোৱা বর্ষৰ জুলাই–ছেপ্ঢেম্বৰ ত্রৈমাসিকত উৎপাদনৰ বিকাশ হাৰ ৬ বছৰৰ নিম্নগামী হৈছিল৷ যোৱা ১ ফেব্রুৱাৰীত কেন্দ্রীয় বাজেট ২০২০–২১ দাখিল কৰাৰ দুদিন পাছতেই ব্যক্তিগত সংস্থাটোৱে প্রকাশ কৰা প্রতিবেদন সমীক্ষাই দেশৰ নির্মাণখণ্ডক উৎসাহিত কৰিছে৷ প্রতিবেদনৰ মতে, দেশৰ নির্মাণখণ্ডৰ উৎপাদিত সামগ্রীৰ ৰপ্তানি বৃদ্ধি পাইছে৷ বহিঃদেশলৈ ৰপ্তানি বৃদ্ধিৰ ফলতেই নির্মাণখণ্ডত উৎপাদন কৰিবলগীয়া হৈছে৷ অর্থাৎ বিক্রীৰ বাবেই উৎপাদনৰ চাহিদা বৃদ্ধি হৈছে৷ ২০১৮ চনৰ নৱেম্বৰৰ পৰাই দেশৰ উৎপাদিত সামগ্রী ৰপ্তানি বৃদ্ধি প্রক্রিয়া আৰম্ভ হৈ চলিত বর্ষৰ জানুৱাৰীত ইয়াৰ চাহিদা সর্বাধিক বৃদ্ধি পাইছে৷
প্রতিদেনখনৰ মতে, ভাৰতত উৎপাদিত সামগ্রীসমূহ এছিয়াৰ বিভিন্ন দেশ, ইউৰোপ আৰু উত্তৰ আমেৰিকালৈ ৰপ্তানি হৈ আছে৷ নতুন সামগ্রীৰ উদ্ভাৱনৰ লগতে মান বৃদ্ধি পোৱাত বিশ্বৰ আন আন নতুন দেশেও ভাৰতীয় নির্মাণখণ্ডৰ উৎপাদিত সামগ্রীৰ প্রতি আকর্ষিত হৈছে৷ মন কৰিবলগীয়া যে ৰপ্তানিৰ চাহিদা বৃদ্ধি পোৱাত নির্মাণখণ্ডত উৎপাদনো বর্ধিত হৈছে আৰু ইয়াৰ লগে লগে নতুন শ্রমিকৰ সংস্থাপন, ক্রয় আৰু উৎপাদন বৃদ্ধি কৰিবলগীয়া হৈছে নির্মাণখণ্ডৰ কোম্পানীসমূহে৷