নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জেএনইউত আক্ৰমণঃ কাৰ বিৰুদ্ধে উঠিল আঙুলি ?

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ দেওবাৰে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত হোৱা আক্ৰমণৰ পাচতেই এতিয়া দেশজুৰি অব্যাহত আছে ক্ৰিয়া-প্ৰতিক্ৰিয়া । সন্ধ্যা বিশ্ববিদ্যালয়খনত দুৰ্বৃত্তই চলোৱা এই আক্ৰমণত আহত হ’ব লগা হৈছে বহু শিক্ষাৰ্থী আৰু শিক্ষক । এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভানেত্ৰী আয়েশা ঘোষ । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আয়েশা ঘোষ বৰ্তমানে সংকট মুক্ত যদিও সোমবাৰে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই সভানেত্ৰীগৰাকীয়ে ।

সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত আয়েশা ঘোষে উল্লেখ কৰে যে, এবিভিপি আৰু আৰএছএছৰ দ্বাৰা পূৰ্বপৰিকল্পিত এক আক্ৰমণ আছিল দেওবাৰৰ আক্ৰমণ । বিগত প্ৰায় চাৰি-পাঁচদিন ধৰি বিশ্ববিদ্যালয় চৌহদত একাংশ আৰএছএছ সমৰ্থনকাৰী অধ্যাপক আৰু এবিভিপিৰ সদস্যই এক উত্তেজনা সৃষ্টিৰ চেষ্টাত ব্ৰতী হৈ আছিল বুলিও উল্লেখ কৰে আয়েশা ঘোষে । দেওবাৰে সংঘটিত এই আক্ৰমণৰ ঘটনাৰ পাচতেই এতিয়া ছাত্ৰ একতা সভাই বিশ্ববিদ্যালয়খনৰ উপাৰ্চাৰ্যৰ নিলম্বৰ দাবী উত্থাপন কৰিছে ।

মানৱ শৃংখল

উল্লেখ্য যে, জেএনইউত সংঘটিত এই আক্ৰমণে দেশজুৰি তুমুল বিতৰ্কৰ সূত্ৰপাত কৰাৰ সময়তে ইয়াৰ বিৰুদ্ধে সোমবাৰে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-শিক্ষকসকলৰ উদ্যোগত এক মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰা হয় ।

You might also like