নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঝাৰখণ্ডত উৎখাত বিজেপিঃ এবছৰতে বিজেপিয়ে হেৰুৱালে দেশৰ ৫ খন ৰাজ্য

কংগ্রেছ–জেএমএম মিত্রজোঁটৰ চৰকাৰ

নিউজডেস্ক, ২৪ ডিচেম্বৰঃ কেন্দ্ৰত শাসনাধিষ্ঠিত বিজেপিৰ বাবে আন এক মোক্ষম আঘাত । এবছৰৰ ভিতৰত চাৰিখন ৰাজ্যত শাসনৰ পৰা উৎখাত হোৱাৰ পাছত পুনৰ ঝাৰখণ্ড বিধান সভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ সন্মুখীন হ’ল বিজেপি ।

সোমবাৰে ঝাৰখণ্ড বিধানসভা নির্বাচনৰ ঘোষিত ফল অনুসৰি ৮১ জনীয়া বিধানসভাত শাসকীয় বিজেপিয়ে ২৫খন আসন লাভ কৰি চৰকাৰ গঠন কৰা প্রয়োজনীয় আসন লাভ নকৰাত ৰাজ্যখনত দ্বিতীয়বাৰৰ বাবে শাসনৰ গাদীত অধিষ্ঠিত হোৱাৰ পৰা বঞ্চিত হয় ৷

ইপিনে ঝাৰখণ্ড মুক্তি মর্চা, কংগ্রেছ আৰু ৰাষ্ট্রীয় জনতা দলৰ জোঁটবন্ধনে ৪৭ খন আসনেৰে চৰকাৰ গঠনৰ প্রয়োজনীয় সংখ্যা অতিক্রম কৰে ৷

কার্যতঃ শাসকীয় বিজেপিক উৎখাত কৰি ৰাজ্যখনৰ শাসনৰ বাঘজৰী জে ভি এম–কংগ্রেছ আৰু আৰ জে ডি মিত্রজোঁটে নিজৰ হাতলৈ আনে ৷ তদুপৰি জে ভি এমে ৩, এ জে এছ ইউয়ে ২ আৰু নির্দলীয়ই ৪খন আসন লাভ কৰে৷

২০১৮ চনৰ ডিচেম্বৰৰ পৰা ২০১৯ চনৰ ডিচেম্বৰলৈকে ঝাৰখণ্ডৰ পূর্বে বিজেপিয়ে শাসনৰ পৰা উৎখাত হোৱা ৰাজ্যকেইখন হ’ল– মহাৰাষ্ট্র, ছত্তিশগড়, ৰাজস্থান আৰু মধ্যপ্রদেশ৷

ৰাজ্যখনৰ পাঁচ বছৰ শাসন সম্পূর্ণ কৰা বিজেপি চৰকাৰৰ মুখ্যমন্ত্রী ৰঘুবৰ দাস নির্দলীয় প্রার্থী তথা বিজেপিৰ পৰা নিলম্বিত সৰযু ৰায়ৰ হাতত পৰাজিত হোৱাৰ বিপৰীতে ছগৰাকী মন্ত্রীও শোচনীয় পৰাজয়ৰ সন্মুখীন হয়৷

পঞ্চম তথা পৰৱৰ্তী মুখ্যমন্ত্রী হেমন্ত ছোৰেণ

জে এম এম, কংগ্রেছ আৰু আৰ জে ডিয়ে ৰাজ্যখনত পৰৱর্তী চৰকাৰ গঠন কৰাটো নিশ্চিত হৈছে আৰু এই মিত্রজোঁটৰ মুখ্যমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰিব জে এম এমৰ হেমন্ত ছোৰেণে৷

জে এম এমৰ মুৰব্বী তথা ঝাৰখণ্ডৰ তিনিবাৰৰ মুখ্যমন্ত্রী শিবু ছোৰেণৰ পুত্র মিত্রজোঁটৰ মুখ্যমন্ত্রীৰ প্রার্থী হেমন্ত ছোৰেণে ৰাজ্যখনৰ পঞ্চম মুখ্যমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰিব৷

এবছৰৰ ভিতৰতে পাঁচখন ৰাজ্যৰ শাসনৰ পৰা উৎখাত হোৱা বিজেপি সম্প্রীতি দেশৰ ৩৫ শতাংশ ৰাজ্যতহে শাসনত বর্তি আছে৷

২০১৭ চনত দেশখনৰ অধিকাংশত শাসনৰ গাদীত অধিষ্ঠিত হৈ শক্তিশালী স্থিতিত থকা বিজেপিয়ে বিগত এবছৰৰ ভিতৰতে পাঁচখন ৰাজ্যৰ শাসন হেৰুওৱাটো দলটোৰ বাবে অশনি সংকেত কঢ়িয়াই আনিছে৷

You might also like