নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঝাৰখণ্ডত শোচনীয় পৰাজয়ৰ পাছত কি ক’লে গৃহমন্ত্রী অমিত শ্বাহে ?

নিউজডেস্ক, ২৪ ডিচেম্বৰঃ সোমবাৰে ঘোষণা হ’ল ঝাৰখণ্ড বিধানসভা নির্বাচনৰ ফলাফল । ৮১ জনীয়া বিধানসভাত শাসকীয় বিজেপিয়ে ২৫খন আসন লাভ কৰি ৰাজ্যখনত পুনৰ চৰকাৰ গঠন কৰাৰ পৰা বঞ্চিত হয় ৷

জে এম এম, কংগ্রেছ আৰু আৰ জে ডি মিত্রজোঁটৰ হাতত শোচনীয়ভাবে পৰাজয় হোৱাৰ পাছত বিজেপিৰ ৰাষ্ট্রীয় সভাপতি তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে টুইটযোগে ৰাজ্যবাসীৰ জনাদেশ মানি লোৱা বুলি স্বীকাৰ কৰে ।

লগতে বিগত পাঁচ বছৰে ৰাজ্যবাসীয়ে বিজেপিক শাসনৰ সুবিধা দিয়াৰ বাবে আন্তৰিক কৃতজ্ঞতা কৰে আৰু দলটোৱে নিৰৱচ্ছিন্নভাৱে ৰাজ্যখনত সেৱা আগবঢ়াই যাব বুলি মন্তব্য কৰে ৷

তদুপৰি ৰাষ্ট্রীয় সভাপতি শ্বাহে ৰাজ্যখনৰ বিজেপি নেতা–কর্মীৰ পৰিশ্রমক ভূয়সী প্রশংসা কৰে৷

You might also like