নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঝাৰখণ্ড বিধান সভা নিৰ্বাচনঃ কংগ্ৰেছ মিত্ৰজোঁটৰ বৃহৎ অগ্ৰগতি

মুখথেকেচা খাব নেকি বিজেপিয়ে ?

নিউজডেস্ক, ২৩ ডিচেম্বৰঃ অব্যাহত আছে ঝাৰখণ্ড বিধান সভা নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়া । পুৱা ১১ বজালৈকে ঝাৰখণ্ড মুক্তি মর্চা (জেএমএম) নেতৃত্বাধীন মিত্ৰজোঁটে ৮১ খন আসনৰ ভিতৰত ৪২ খন আসনত অগ্ৰগতি লাভ কৰি আছে ।

জেএমএম মিত্ৰজোঁটৰ ভিতৰত জেএমএম-এ ২৫ খন আসন লাভ কৰি থকাৰ বিপৰীতে ১২ খন আসন কংগ্রেছে আৰু ৫ খন আসন আৰজেডি-এ লাভ কৰিছে ।

য’ত শাসকীয় দল বিজেপিয়ে মাত্ৰ ২৯ খন আসনত অগ্ৰগতি লাভ কৰিছে ।


এগজিট পোলৰ মতে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত ঝাৰখণ্ড মুক্তি মর্চা (জেএমএম) নেতৃত্বাধীন মিত্ৰজোঁটে চৰকাৰ গঠন কৰাৰ সম্ভাৱনা আছিল ।

উল্লেখ্য যে ঝাৰখণ্ডত ৩০ নৱেম্বৰৰ পৰা ২০ ডিচেম্বৰ পর্যন্ত মুঠ ৫ টা পৰ্যায়ত ৮১ খন আসনযুক্ত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল । য’ত ৬৫.১৭ শতাংশ ভোটাধিকাৰ সাব্যস্ত হয় ।

You might also like