নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তুৰ্কীৰ পৰা অতিৰিক্ত ১২,৫০০ মেট্রিক টন পিঁয়াজ আহিব ভাৰতলৈ

নিউজডেস্ক, ২০ ডিচেম্বৰঃ সমগ্ৰ দেশতে অত্যাৱশ্যকীয় সামগ্রী পিঁয়াজৰ ঊর্ধ্বমুখী দামে সর্বসাধাৰণ ৰাইজক জ্বলাকলা খুওৱাৰ সময়তে আহিছে এক সুখবৰ । ৰঙা পিঁয়াজে শতক কোবাই থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে তুৰ্কীৰ পৰা অতিৰিক্ত ১২,৫০০ মেট্রিক টন পিঁয়াজ আমদানিৰ চুক্তি কৰিছে ।

এই পর্যন্ত চুক্তিবদ্ধ হোৱা মুঠ আমদানিকৃত পিঁয়াজৰ পৰিমান হৈছে ৪২,৫০০ মেট্রিক টন । যাৰ ভিতৰত অহা ৩১ ডিচেম্বৰৰ পূৰ্বে ভাৰতলৈ আহিব প্ৰায় ১২,০০০ মেট্রিক টন পিঁয়াজ ।

উল্লেখ্য যে সমগ্ৰ দেশৰ লগতে অসমতো প্ৰতি দিনেই মূল্যবৃদ্ধি হৈ গৈ আছে পিয়াঁজৰ মূল্য। ব্যৱসায়ীসকলেও যেন পিয়াঁজৰ মূল্য বৃদ্ধিৰ সুযোগ গ্ৰহণ কৰি গ্ৰাহকৰ পৰা অধিক দাম লৈ বিক্ৰী কৰিছে ৰঙা পিয়াঁজ ৷

You might also like