তেতিয়াহলে শ্ববনমেই স্বাধীন ভাৰতত ফাঁচীৰ শাস্তি পোৱা প্ৰথম মহিলা
নিয়মীয়া বাৰ্তা ২৩ জানুৱাৰীঃ উচ্চতম ন্যায়ালয়ে আজি উত্তৰ প্ৰদেশৰ অমৰহৌহাৰ এটা পৰিয়ালৰ সাত জন লোকক হত্যা কৰাৰ অপৰাধী শ্ববনম আৰু তাইৰ প্ৰেমিকৰ ফাঁচীৰ সিদ্ধান্তৰ বিৰোধে কৰা ৰিভিউ পিটিচনৰ ওপৰত শুনানী হয়। শুনানীৰ সময়ত মুখ্য ন্যায়াধীশ বৌবডে কয় যে আমাৰ ৰায়ৰ সন্মান হ’ব লাগে। মৃত্যুৰ শাস্তিক সন্মান কৰিব লাগে, যি আজি কালি সন্মান নহয়। মুখ্য ন্যায়াধীশে কয় যে প্ৰতিটো বস্তুৰ কাৰণে যুঁজিব নালাগে। দোষীয়ে এনেদৰে ভাবিব নালাগে যে মৃত্যুৰ শাস্তিৰ সিদ্ধান্তক যেতিয়া ইচ্ছা তেতিয়াই প্ৰত্যাহ্বাবান জনায়, যি আজি কালি বহু কেইটা গোচৰত এনেকুৱা হৈ আছে।
নিজৰ ৰিভিউ পিটিচিনত দোষী দুজনে নিজকে দুখীয়া আৰু অশিক্ষিত ৰ কথা জনাইছিল। ইয়াৰ সম্বন্ধে মুখ্য ন্যায়াধীশে কয় যে এইখন দেশত বহুলোক দুখীয়া আৰু অশিক্ষিত কিন্তু এইখন ৰিভিউ পিটিচন হয়। আপোনালোকে কওক বিচাৰত কি ভুল আছে।
উল্লেখ্য যে শ্ববনম আৰু ছলীমৰ এক প্ৰেম কাহিনী আছে। শ্ববনমৰ পৰিয়ালে প্ৰেমক স্বীকৃতি দিয়া নাছিল। তাৰ বাবে শ্ববনমে নিজৰ পৰিয়ালটোক হত্যাকৰাৰ পৰিকল্পনা কৰিলে। সেই পৰিকল্পনাত সহযোগ কৰিলে প্ৰেমিক ছলীমে। প্ৰথমে দুয়োজনে পৰিয়ালৰ খাদ্যক বিষ মিলালে আৰু এখন কুঠাৰে সকলোকে এফালৰ পৰা হত্যা কৰিছিল। সেইৰাতি শ্ববনমে যাৰ লগত ফোনত কথা পাতি আছিল সেই ব্যক্তিজন ছলীমেই আছিল। ছলীমেও নিজৰ দোষ স্বীকাৰ কৰিছিল।
উচ্চতম ন্যায়ালয়ে নিম্ন আদালতৰ ফাঁচী সিদ্ধান্তক বাহাল ৰাখে। ইয়াৰ পিছত শবনমে ৰাষ্ট্ৰপতিৰ ওচৰত ক্ষমা আবেদন কৰিছিল কিন্তু ৰাষ্ট্ৰপতিয়ে সেই ক্ষমা আবেদন নাকচ কৰিছিল।