নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেলেংগানাৰ গান্ধী হাস্পতালত উত্তপ্ত পৰিস্থিতি

নিয়মীয়া বাৰ্তা, ১২জুনঃ ক’ভিড–১৯ সংকটে তেলেংগানাত ক্রমাৎ জটিল ৰূপ ধাৰণ কৰাৰ সময়তে এক অপ্রত্যাশিত পৰিস্থিতিৰ সন্মুখীন হৈছে ৰাজ্য চৰকাৰ৷ ৰাজ্যখনৰ গান্ধী হাস্পতালৰ ১৫০গৰাকী শল্য চিকিৎসককে ধৰি মুঠ ৪৫০গৰাকী চিকিৎসকে চলাই আছে ধর্মঘট৷ মঙলবাৰে নিশা কেইগৰাকীমান চিকিৎসকৰ ওপৰত আক্রমণ চলাইছিল ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যুমুখত পৰা এজন ৰোগীৰ আত্মীয়ই৷ গান্ধী হাস্পতালৰ প্রৱেশ পথতে কালি দিনতো ধর্ণাত বহা চিকিৎসকসকলে এনেদৰে দ্বিতীয় দিনাৰ বাবেও প্রতিবাদী কার্যসূচী চলাই থকাৰ পাছত চৰকাৰে হাস্পতালখনত থকা ক’ভিড–১৯ ৰোগীসকলক আন হাস্পতাললৈ স্থানান্তৰৰ সিদ্ধান্ত ল’বলগীয়া হৈছে৷ লক্ষণীয়ভাৱে বর্তমান গান্ধী হাস্পতালত ৩৫০গৰাকী জ্যেষ্ঠ চিকিৎসক আছে যদিও গৰিষ্ঠসংখ্যকেই ক’ভিড–১৯ ৰোগীক চিকিৎসা সেৱা আগবঢ়াবলৈ সক্ষম হোৱা নাই৷ স্বাস্থ্যমন্ত্রী এটালা ৰাজেন্দ্রৰে চিকিৎসকসকলক কর্তব্যলৈ উভতি অহাৰ বাবে অনুৰোধ জনাই আছে

You might also like