নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰীঃ বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ , ব্ৰু শৰনাৰ্থীৰ প্ৰতিনিধি, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেব আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ মাজত এখন চুক্তি সম্পন্ন হয় । এই চুক্তি অনুসৰি ব্ৰু শৰনাৰ্থীসকলৰ সংকট নিৰ্মূলৰ বাবে এইসকল শৰনাৰ্থীক সংস্থাপিত কৰা হ’ব ত্ৰিপুৰাত ।
প্ৰায় ৩০ হাজাৰ ব্ৰু শৰনাৰ্থীৰ সুৰক্ষা আৰু সংস্থাপনৰ বাবে ৬০০ কোটি টকাৰ এক বিশেষ পেকেজ ঘোষণা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে । ৪০/৩০ ফুটৰ মাটিৰ লগতে ৪ লাখ টকাৰ ফিক্স ডিপ’জিট কৰা হ’ব শৰনাৰ্থী সকলৰ নামত । শৰনাৰ্থীসকলক প্ৰতিমাহে ৫০০০ টকাকৈ ২ বছৰলৈ চৰকাৰী সাহাৰ্য দিয়াৰ লগতে বিনামূলীয়া ৰেচন দিয়া হ’ব বুলিও ঘোষণা কৰে অমিত শ্বাহে ।