নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ দিল্লী পুলিচে আজি জাল ভাৰতীয় টকা সৰবৰাহকাৰীৰ এক চক্রক গ্রেপ্তাৰ কৰাৰ লগতে ১.৭৩ কোটি টকা জাল ভাৰতীয় নোট জব্দ কৰে৷ দিল্লী আৰক্ষীৰ বিশেষ শাখাই অভিযান চলাই এই জাল নোটখিনিৰ সৈতে পাঁচজন লোকৰ এক চক্রক গ্রেপ্তাৰ কৰে৷ এই চক্রটোৱে জাল নোটখিনি দিল্লীৰ বিভিন্ন অঞ্চলত প্রচলন কৰাৰ চেষ্টা কৰিছিল৷ দিল্লী আৰক্ষীয়ে জব্দ কৰা জালনোটখিনি হ’ল দুহাজাৰ আৰু পাঁচশ টকীয়া৷ আৰক্ষীয়ে দলটোৰ পৰা এটা লেপটপ আৰু ছপা সামগ্রী জব্দ কৰে৷ চক্রটোৰ সদস্যসকলৰ পৰা আৰক্ষীয়ে আমেৰিকান ডলাৰো জব্দ কৰে৷ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা লোককেইজন হ’ল তাবৰেজ লাংগডা, ছোৱেইব মালিক, ডেনিছ মালিক, উন্মন আমৰহি আৰু ৰঘুৰাজ৷