নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ সুৰা কেলেংকাৰিত অধিক চাপৰ সন্মুখীন হৈছে দিল্লীৰ উপ–মুখ্যমন্ত্রী মনীষ ছিছ’ডিয়া৷ কেন্দ্রীয় তদন্তকাৰী সংস্থা চি বি আয়ে ছিছ’ডিয়াৰ বিদেশ যাত্রাৰ ক্ষেত্রত নিষেধাজ্ঞা জাৰি কৰিছে৷ ছিছ’ডিয়াসহ মুঠ ১৩গৰাকী লোকৰ বিৰুদ্ধে লুকআউট নটিচ জাৰি কৰিছে চি বি আয়ে৷ এই লুকআউট নটিচ অগ্রাহ্য কৰি বিদেশ যাত্রা কৰিবলৈ চেষ্টা কৰিলে ছিছ’ডিয়াসহ আটাইকেইগৰাকী লোকক গ্রেপ্তাৰ কৰা হ’ব পাৰে বুলি চি বি আইৰ সূত্রই উল্লেখ কৰিছে৷
লক্ষণীয়ভাৱে গোচৰটোত চি বি আয়ে যি এজাহাৰ ৰুজু কৰিছে, তাত ১৪জনৰ নাম থাকিলেও মূল অভিযুক্ত হিচাপে ৰখা হৈছে উপ–মুখ্যমন্ত্রী ছিছ’ডিয়াক৷ যোৱা মাহত দিল্লীৰ উপ–ৰাজ্যপাল ভি কে ছাক্সেনাই কেন্দ্রীয়শাসিত ৰাজ্যখনৰ নতুন আবকাৰী নীতিক লৈ চি বি আইৰ তদন্তৰ ক্ষেত্রত অনুমোদন জনাইছিল৷ সেই অভিযোগৰ ভিত্তিতেই চি বি আয়ে মনীষ ছিছ’ডিয়াৰ বাসভৱনসহ মুঠ ৩১টা স্থানত তালাচী চলায়৷ দিল্লীৰ উপ–মুখ্যমন্ত্রীগৰাক্ বাসভৱনত ১৫ ঘণ্টা ধৰি তালাচী চলাইছিল চি বি আয়ে৷ অৱশ্যে কেন্দ্রীয় অনুসন্ধানকাৰী সংস্থাটোৱে ছিছ’ডিয়াৰ বাসভৱনত কিবা নথি জব্দ কৰিলে নে নাই, সেই সন্দর্ভত কোনো তথ্য সদৰী কৰা নাই৷ এই গোচৰটোত এতিয়ালৈকে পাঁচগৰাকী অভিযুক্তৰ বক্তব্য ৰেকর্ড কৰিছে সংস্থাটোৱে৷
ইফালে চি বি আইৰ এই লুকআউট নটিচ জাননীৰ পাছতে ছিছ’ডিয়াই উল্লেখ কৰিছে যে তেওঁ দিল্লীত বিভিন্ন কাম–কাজত ঘূৰি আছে৷ কেন্দ্রীয় সংস্থাটোৱে তেওঁক বিচাৰি নোপোৱাৰ কাৰণ কি, তাক লৈ আশ্চর্যও প্রকাশ কৰে নেতাগৰাকীয়ে৷ ইয়াৰ উপৰি চি বি আয়ে তেওঁক য’তেই যাবলৈ নির্দেশ দিয়ে, তাতেই যাব বুলিও উল্লেখ কৰে ছিছ’ডিয়াই৷ স্মর্তব্য যে কোনোধৰণৰ প্রামাণিক তথ্য নথকা সত্ত্বেও চি বি আয়ে দুই–চাৰি দিনৰ ভিতৰতে তেওঁক গ্রেপ্তাৰ কৰিব পাৰে বুলি মনীষ ছিছ’ডিয়াই কালি সংবাদ মাধ্যমৰ আগত সদৰী কৰিছিল৷ অৱশ্যে নিজকে ভগত সিঙৰ অনুগামী বুলি উল্লেখ কৰি ছিছ’ডিয়াই চি বি আইৰ এনে কার্যত কোনোধৰণে শংকিত নহয় বুলিও উল্লেখ কৰে৷
ইফালে চি বি আইৰ তালাচী তথা অনুসন্ধান চলি থকাৰ মাজতে এইবাৰ এনফ’চমেণ্ট ডিৰেক্টৰেট (ই ডি)ৰ গোচৰৰ সন্মুখীন হ’ব পাৰে মনীষ ছিছ’ডিয়া৷ এক সূত্রই সদৰী কৰা অনুসৰি দিল্লীৰ আবকাৰী নীতিৰ অনিয়ম সন্দর্ভত মনীষ ছিছ’ডিয়াৰ বিৰুদ্ধে অবৈধ আর্থিক লেনদেনৰ অভিযোগ আনিব পাৰে ই ডিয়ে৷ ‘আর্থিক সুবিধা’ৰ বিনিময়ত দিল্লীৰ সুৰা বিক্রেতাসকলক বে–আইনীভাৱে অনুমোদন দিয়াৰ অভিযোগ অনা হৈছে ছিছ’ডিয়াৰ বিৰুদ্ধে৷ গতিকে অবৈধ ধনৰ লেনদেনৰ গোচৰৰ সন্মুখীন হ’ব পাৰে দিল্লীৰ উপ–মুখ্যমন্ত্রীগৰাক্৷ অৱশ্যে মনীষ ছিছ’ডিয়াৰ বিৰুদ্ধে কেলেংকাৰিৰ অভিযোগ অনা হৈছে যদিও আম আদমী পার্টী তথা অন্য কেইবাটাও বিৰোধী দলে এয়া দিল্লী চৰকাৰখনৰ বিৰুদ্ধে মোদী চৰকাৰৰ গভীৰ ষড়যন্ত্র বুলি অভিহিত কৰিছে৷